নিউজ ডেস্কঃ দিল্লীৰ সুৰা কেলেংকাৰী অভিযোগত যোৱা ২৬ ফেব্ৰুৱাৰীত দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক চি বি আয়ে গ্ৰেপ্তাৰ কৰিছিল।

একেই অভিযোগতেই পুনৰ ৩ মাৰ্চত ইডিয়েও চিছোদিয়াক জেলৰ ভিতৰতে গ্ৰেপ্তাৰ কৰে।

ইডি য়ে বৰ্তমান দিল্লীৰ সুৰা কেলেংকাৰী সন্দৰ্ভত চিছোদিয়াক জেৰা অব্যহত ৰাখিছে।

আজি ইডিয়ে চিছোদিয়াক আদালতত হাজিৰ কৰোৱা হৈছিল ছিচদিয়াক পুনৰ ন্যায়িক জিম্মালৈ বিচাৰি আবেদন কৰে।

ইডিৰ আবেদন অনুসৰি আজি আদালতে পুনৰ দুসপ্তাহৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে মনিষ ছিচদিয়াক।

আদালতৰ বিশেষ ন্যায়াধীশ এম কে নাগপালে এই ৰায় প্ৰদান কৰে। আগন্তুক ৫ এপ্ৰিললৈ চিছোদিয়া থাকিব লাগিব ইডিৰ ন্যায়িক জিম্মাত।

লগতে পঢ়ক – মোবাইলত গেম খেলাৰ বাবে ১৩ বছৰীয়া শিশুক হত্যা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply