নিউজ ডেস্কঃ কমনৱেল্থ গেমছৰ বাবে ভাৰতীয় হকী দলৰ খেলুৱৈসকলৰ নামৰ তালিকা আজি ঘোষণা কৰা হয়। অহা ২৮ জুলাই, ২০২২ৰ পৰা বীৰমিংগহামত আৰম্ভ হ’বলগীয়া কমনৱেল্থ গেমছৰ ‘পুল বি’ত আছে ভাৰতীয় হকী দলৰ নাম।

এএনআইৰ বাতৰি অনুসৰি, এই দলটোৰ অধিনায়ক মনপ্ৰীত সিং। যোৱা বছৰ অলিম্পিক গেমছত ভাৰতীয় হকী দলৰ অভিনায়কৰ দায়িত্ব লৈ মনপ্ৰীত সিঙে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল ভাৰতৰ নামত।

ইফালে, দলটোত থকা আন কেইগৰাকী খেলুৱৈ ক্ৰমে- পিআৰ শ্ৰীজেশ, কৃষাণ বি পাঠক, বৰুণ কুমাৰ, সুৰেন্দৰ কুমাৰ, হৰমনপ্ৰীত সিং, অমিত ৰোহিদাস, যুগৰাজ সিং, জৰ্মনপ্ৰীত সিং, মনপ্ৰীত সিং, হাৰ্দিক সিং, বিবেক সাগৰ প্ৰসাদ, ছমশ্বেৰ সিং, আকাশদ্বীপ সিং, নিলকন্ঠ শৰ্মা, মনদ্বীপ সিং, ললিত কুমাৰ উপাধ্যায়, গুৰ্জান্ত সিং আৰু অভিষেক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply