নিউজ ডেস্কঃ শোকাবহ ! নলা-নৰ্দমাৰ পাইপ সংযোগ কৰি থাকোতে মাটিয়ে ঢাকি ধৰা এজন শ্ৰমিকক সহকৰ্মীয়ে জেছিবিৰে উদ্ধাৰ কৰিবলৈ গৈ ডিঙি কাটিলে শ্ৰমিকজনৰ। তামিলনাডুৰ মাদুৰাইত সংঘটিত হ’ল এই শোকাবহ ঘটনা। ইৰোড জিলাৰ সতীশ ওৰফে বীৰানন নামৰ ৩৪বছৰীয়া যুৱকজনে ভিলাংগুডিৰ ৰামমূৰ্থী নগৰত ১১ ফুট দ’ খাদত নলা-নৰ্দমাৰ পাইপ সংযোগ কৰি থকাৰ সময়তে দুৰ্ভাগ্যক্ৰমে মাটিয়ে ঢাকি ধৰে। সহকৰ্মীসকলে এক্সকেভেটৰ ব্যৱহাৰ কৰি বীৰাননক উদ্ধাৰ কৰিবলৈ গৈ ভুলবশতঃ মূৰটোৱে কাটি পেলায়।

ঘটনাস্থলীত উপস্থিত হোৱা অগ্নিনিৰ্বাপক বাহিনীৰ এজন বিষয়াই কয় যে, “ উদ্ধাৰকাৰী দলক সহায়ৰ বাবে মাতি অনাৰ পৰিৱৰ্তে আতংকিত শ্ৰমিকসকলে এক্সকেভেটৰ ব্যৱহাৰ কৰি তেওঁক উলিয়াই আনিবলৈ চেষ্টা কৰিছিল আৰু শেষত তেওঁৰ মূৰটোৱে কাটি পেলাইছিল।”

বিষয়াগৰাকীয়ে জনোৱা মতে, খাদটোৰ বহল দুফুটতকৈও কম আৰু এটা সময়ত মাত্ৰ এজন লোকহে সোমাব পাৰে। সাধাৰণতে শ্ৰমিকসকলে গভীৰ গাঁতত প্ৰৱেশ কৰাৰ সময়ত সুৰক্ষাৰ ব্যৱস্থা হিচাপে তেওঁলোকৰ লগত ৰছী সংলগ্ন কৰিব লাগে। কিন্তু তেনেকুৱা ধৰণৰ একো ব্যৱস্থা কৰা হোৱা নাছিল।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে এই ঘটনাৰ বাবে দুখ প্ৰকাশ কৰি মৃতকৰ পৰিয়াললৈ ১০লাখ টকাৰ এককালীন সাহাৰ্য্য ঘোষণা কৰিছে। আৰক্ষীয়ে এই ঘটনাৰ বাবে দায়ী ছাইট ইঞ্জিনিয়াৰ ছিক্কান্দৰ, ছাইট ছুপাৰভাইজাৰ বালু আৰু এক্সকেভেটৰ অপাৰেটৰ সুৰেশক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকৰ গাফিলতিৰ ফলতে বিৰাননৰ মৃত্যু ঘটা বুলি পৰিয়ালৰ লোকে গোচৰ ৰুজু কৰিছে। বিৰাননৰ কাষতে এক্সকেভেটৰখনেৰে খান্দি থকা মাটি দ’ খাদটোত সোমাই গৈছিল। শ্ৰমিকজনৰ মৃতদেহটো খাদটোৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চৰকাৰী ৰাজাজী হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply