নিউজ ডেস্কঃ আফ্ৰিকান-আমেৰিকান হলিউডৰ অভিনেত্ৰী তথা বিখ্যাত গায়িকা মেৰী মিলবেনে অহা ১০ আগষ্টত দিল্লীত পৰিবেশন কৰিব ভাৰতীয় জাতীয় সংগীত। এই কাৰ্যসূচীৰ আয়োজন কৰিছে নতুন দিল্লীস্থ ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদে ।
প্ৰখ্যাত কণ্ঠশিল্পী মেৰী মিলবেন অহা ৯ আগষ্টত ভাৰতত উপস্থিত হ’ব। সমগ্ৰ বিশ্বক পৰিয়াল হিচাপে গণ্য কৰাৰ নীতি প্ৰমাণ কৰাত নিয়োজিত ড০ মোক্ষৰাজে মেৰী মিলবেনক ভাৰতৰ জাতীয় সংগীত আৰু ওম জয় জগদীশ হৰে… ভজন শিকাইছিল। এই দুয়োটা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত দেশ তথা বিশ্বত বসবাস কৰা কোটি কোটি ভাৰতীয়ৰ মাজত জনপ্ৰিয় হৈ উঠিছিল। জৰ্জটাউন বিশ্ববিদ্যালয় আৰু জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ত প্ৰায় ১৭খন দেশৰ ছাত্ৰ-ছাত্ৰীক হিন্দী শিকোৱা ডাঃ মোক্ষৰাজে হলিউডৰ জনপ্ৰিয় গায়িকা অভিনেত্ৰী মেৰী মিলবেনক হিন্দী আৰু ভাৰতীয় সংস্কৃতিৰ বিনামূলীয়া শিক্ষা প্ৰদান কৰিছে। ভাৰতীয় স্বাধীনতাৰ অমৃত মহোৎসৱৰ অধীনত আয়োজন কৰা এক কাৰ্যসূচীৰ বাবে ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদে তেওঁক আমন্ত্ৰণ জনাইছে।