নিউজ ডেস্কঃ যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ খাৰকিভৰ সমীপৰ ইজিয়ুম চহৰত বৃহস্পতিবাৰে উদ্ধাৰ ৪৪০টা গণ কবৰ।খাৰকিভ প্ৰশাসনৰ সূত্ৰই জনোৱা অনুসৰি উদ্ধাৰ হোৱা মৃতদেহ সমূহ ইজৰাইলৰ সাধাৰণ নাগৰিকৰ আছিল। খাৰকিভৰ এজন আৰক্ষী বিষয়া Serhiy Bolvinovএ কয় যে ৰাছিয়াৰ গুলীবৰ্ষণ আৰু বিমান আক্ৰমণৰ ফলত ইজৰাইলীসকলৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে।
খাৰকিভ অঞ্চলৰ মুখ্য আৰক্ষী অনুসন্ধানকাৰী বিষয়া Serhiy Bolvinovএ কয় যে প্ৰতিটো মৃতদেহৰ ওপৰত ফৰেনচিক পৰীক্ষা কৰা হ’ব।
ইউক্ৰেইন বাহিনীৰ প্ৰতিশোধস্বৰূপে ৰাছিয়াই যোৱা সপ্তাহত খাৰকিভ প্ৰদেশৰ Izium চহৰত আক্ৰমণ কৰিছিল। ইয়াৰ পিছত খাৰকিভৰ পৰা ৯০ কিলোমিটাৰ পূবত ৰাছিয়াৰ সীমান্ত চহৰ বেৰলুক হেৰুওৱাটো ভ্লাদিমিৰ পুটিনৰ বাহিনীৰ বাবে এক “ডাঙৰ আঘাত” হিচাপে ধৰা হয়। ইয়াৰ পূৰ্বে, ইউক্ৰেইনৰ বাহিনীয়ে দক্ষিণ খেৰচন প্ৰদেশৰ বৃহৎ অঞ্চলকো ৰাছিয়াৰ দখলৰ পৰা মুক্ত কৰিছিল। ৰাষ্ট্ৰপতি জেলেনস্কিয়ে সোমবাৰে এইদৰে কৈছিল, “আমি ইতিমধ্যে আমাৰ দেশৰ ৬,০০০ বৰ্গ কিলোমিটাৰ ৰাছিয়াৰ দখলৰ পৰা মুক্ত কৰিছো।”
ভ্লাদিমিৰ পুটিনৰ ঘনিষ্ঠ এজন সেনা বিষয়া আলেকজেণ্ডাৰ ডৰ্নিকভ কেইবামাহধৰি পূব আৰু দক্ষিণ ইউক্ৰেইনত সামৰিক অভিযানৰ দায়িত্বত আছিল। অৱশ্যে, প্ৰথমতে Izium চহৰত গণহত্যাৰ কোনো প্ৰমাণ পোৱা নাছিল। এইটো সন্দেহ কৰা হৈছে যে যুদ্ধৰ পৰিস্থিতিত দুয়োপক্ষৰ মাজত গুলীবৰ্ষণৰ সন্মুখীন হৈ নাগৰিকসকলৰ মৃত্যু হৈছে।
এপ্ৰিল মাহত ইউক্ৰেইনৰ সেনাই ৰাছিয়াৰ সৈন্যক পৰাস্ত কৰি Bucha চহৰ পুনৰ দখল কৰাৰ পিছত কেইবাটাও গণ কবৰ উদ্ধাৰ হৈছিল। মৃতদেহকেইটাৰ বহুতৰে হাত বন্ধা অৱস্থাত আছিল। শৰীৰত আছিল অত্যাচাৰৰ চিহ্ন। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে সেই সময়ত মস্কোৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ পিছত ৰাজধানী কিয়েভ আৰু বৰোডিয়ানকাত গণ কবৰও পোৱা গৈছিল। জেলেনস্কিৰ চৰকাৰে ৰাছিয়াৰ সৈন্যৰ ওপৰত গণহত্যা সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছিল।