নিউজ ডেস্ক: মধ্য চীনৰ হুনান প্ৰদেশৰ চাংছা চহৰৰ এটা সু-উচ্চ অট্টালিকাত আজি এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত কেইবা মহলীয়া অট্টালিকাটো দাউ দাউকৈ জ্বলি উঠে।
চীনৰ সংবাদ প্ৰতিষ্ঠানত প্ৰকাশ পোৱা খবৰ অনুসৰি অট্টালিকাটোৰ ৪২ নম্বৰ মহলাত থকা এটা চৰকাৰী টেলিকম কোম্পানীৰ কাৰ্যালয়ত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল।
অগ্নিকাণ্ডৰ ফলত সমগ্ৰ অঞ্চলটোত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। ইতিমধ্যে ভাইৰেল হৈ পৰা বিভিন্ন ভিডিঅ’ত প্ৰাণৰ মমতাত জুই আৰু ক’লা ধোঁৱাই আগুৰি ধৰা অট্টালিকাটোৰ সমীপৰ পৰা লোকসকলক পলায়ন কৰা দেখা গৈছে।
অৱশ্যে বাতৰি যুগুত কৰা সময়লৈকে কোনো লোক হতাহত হোৱাৰ খবৰ অহা নাই।
অগ্নিকাণ্ড সংঘটিত হোৱা অট্টালিকাটোৰ উচ্চতা ৬৫৬ ফুট বুলি জানিব পৰা গৈছে।
এই পৰ্যন্ত অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত কিদৰে অগ্নিকাণ্ডৰ সূত্ৰপাত হ’ল সেই সম্পৰ্কে প্ৰশাসনে ইতিমধ্যে এক তদন্তৰ ঘোষণা কৰিছে।
লগতে পঢ়ক – যুদ্ধবিধ্বস্ত ইউক্ৰেইনত পুনৰ উদ্ধাৰ ৪৪০টা মৃতদেহ