নিউজ ডেস্কঃ ৰাজধানী দিল্লীৰ জামিয়া নগৰৰ এটা বৈদ্যুতিক গাড়ীৰ পাৰ্কিঙত বুধবাৰে পুৱা প্ৰায় ৫ বজাত সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত হয় কমেও ১০ খন ইলেক্ট্ৰিক গাড়ী, এখন বাইক, দুখন স্কুটাৰ আৰু ৩০ খন নতুন ই-ৰিক্সা আৰু ৫০খন পুৰণা ই-ৰিক্সা। ঘটনাস্থলীত ১১খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ কেইবা ঘণ্টাৰ প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডত কোনো লোক আহত হোৱা নাই বুলি জানিব পৰা গৈছে। কিহৰ বাবে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হ’ল এই সন্দৰ্ভত জানিব পৰা হোৱা নাই।
শেহতীয়াকৈ কিছুদিন পূৰ্বে ৰাজধানী দিল্লীৰ মুণ্ডকাৰ এটা কাৰ্যালয়ত সংঘটিত হোৱা অগ্নিকাণ্ডত ২৭ জন লোকৰ মৃত্যু হৈছিল আৰু বহুতো লোক আহত হৈছিল। সেই ঘটনাৰ চাঞ্চল্য মাৰ নাযাওতেই পুনৰ সংঘটিত হ’ল আন এক অগ্নিকাণ্ডৰ ঘটনা
লগতে পঢ়কঃপুনৰ বৃদ্ধি পাইছে কৰোণা সংক্ৰমণ:ভাৰতত এদিনতে আক্ৰান্ত পাঁচ হাজাৰৰো অধিক