নিউজ ডেস্ক: ভয়ংকৰ ভূমিকম্পই কঁপাই গ’ল আফগানিস্তান। দেশখনৰ পূব পাকটিকা প্ৰদেশত অহা এক প্ৰবল ভূমিকম্পত ৯০০তকৈ অধিক লোকে প্ৰাণ হেৰোৱাৰ লগতে আন শতাধিক আহত হৈছে।
European Mediterranean Seismological Centre-ক উদ্ধৃতি দি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে ভূমিকম্পৰ জোকাৰণি ইমানেই শক্তিশালী আছিল যে ইয়াক পাকিস্তান, ভাৰতৰ উপৰি ধৰি আফগানিস্তানৰ পৰা ৫০০ কিঃমিঃ দূৰলৈকে অনুভৱ কৰা যায়।
সংবাদ প্ৰতিষ্ঠান BBC-ৰ মতে ভাৰতীয় সময় মতে আজি পুৱা প্ৰায় ০২:৩০ বজাত দেশখনৰ দক্ষিণ-পূবৰ চহৰ খস্ত আৰু পাকটিকাত ৫.৯ প্ৰাবল্যৰ ভূমিকম্পটো সংঘটিত হৈছিল।
আফগানিস্তান চৰকাৰে এই দুৰ্যোগৰ সময়ত দেশখনক সহায় কৰিবলৈ বিভিন্ন সাহায্য সংস্থাক আহ্বান জনাইছে। ইতিমধ্যে আহতসকলক হেলিকপ্টাৰৰ সহায়ত হাস্পিটালত ভৰ্তি কৰোৱা হৈছে।
উল্লেখযোগ্য যে বিগত ১০ বছৰত আফগানিস্তানত ৭,০০০তকৈ অধিক ভূমিকম্পত প্ৰাণ হেৰোৱাইছে।
লগতে পঢ়ক – শিক্ষাৰ নামত প্ৰৱঞ্ছনাৰে লাখ লাখ টকা আত্মসাত কৰাৰ অভিযোগ