নিউজ ডেস্ক: ইউক্ৰইনত মৃত্যু ঘটিছে আৰু এজন ভাৰতীয় ছাত্ৰৰ। বুধবাৰে ইউক্ৰেইনত এম বি বি এছৰ পাঠ্যক্ৰমত অধ্যয়ন কৰি থকা পঞ্জাবৰ চন্দন জিন্দাল নামৰ ছাত্ৰজনৰ মৃত্যু হয়।
২২ বছৰীয়া ছাত্ৰজনৰ স্বাস্থ্যজনিত কাৰণত মৃত্যু ঘটা বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে মধ্য-পশ্চিম ইউক্ৰেইনৰ Vinnytsia National Medical University অধ্যয়ন কৰি থকা চন্দনৰ আজি পুৱা এখন চিকিৎসালয়ত মৃত্যু ঘটে।
চিকিৎসা বিশ্ববিদ্যালয়খনৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰজনৰ মগজুত blood clotting হৈ যোৱা এমাহতকৈ অধিক দিন চিকিৎসাধীন হৈ আছিল। ছাত্ৰজনৰ পিতৃ আৰু ভাতৃ যোৱা ৭ ফেব্ৰুৱাৰীত ইউক্ৰেইনত উপস্থিত হয়।
ছাত্ৰজনৰ এগৰাকী সম্পৰ্কীয় লোকে জনোৱা মতে চন্দনৰ মৃতদেহ ঘৰলৈ উভতাই অনাৰ বাবে পৰিয়ালৰ লোকে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী মীনাক্সি লেখিৰ সৈতে যোগাযোগ কৰি আছে।
লগতে পঢ়ক – ভাৰতৰ পথৰ এক বিৰল দৃশ্য! শিকিব লাগে মিজোৰামৰ পৰা