আপুনি যদি নিতৌ ঔষধ গ্ৰহণ কৰে তেতিয়া হ’লে সাজু হওক বেছি দামত ক্ৰয় কৰিবলৈ। কল্যাণকামী ৰাষ্ট্ৰত এতিয়া বৃদ্ধি হ’বলৈ গৈ আছে ১২% ঔষধৰ মূল্য। আপুনি বা আমি ব্যৱহাৰ কৰা প্ৰতিটো ঔষধ মূল্য বাঢ়িবলৈ গৈ আছে পহিলা এপ্ৰিলৰ পৰা।
পহিলা এপ্ৰিল কোৱা হৈছে বুলি এপ্ৰিল ফুল বুলি নাভাবিব কাৰণ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যেই ঔষধ কোম্পানীসমূহক অনুমতি দিবলৈ আৰু কিছু পৰ হে বাকী।
চৰকাৰে ইতিমেধ্যে ৩৮৪ বিধ ঔষধৰ বাৰ্ষিক পাইকাৰী মূল্য সূচক অৰ্থাৎ ডব্লিউ পি আইৰ পৰিৱৰ্তনৰ সৈতে সামঞ্জস্য ৰাখি ঔষধ কোম্পানীসমূহক দাম বৃদ্ধি কৰাৰ অনুমতি দিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।
ৰাষ্ট্ৰীয় ঔষধ মূল্য নিয়ন্ত্ৰক কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি, ঔষধৰ বাৰ্ষিক পাইকাৰী মূল্য সূচকত যোৱা বছৰৰ জানুৱাৰীৰ পৰা এই বছৰৰ জানুৱাৰীলৈ ১২.১২ শতাংশ পৰিৱৰ্তন হৈছে।
যাৰ বাবে ইয়াৰ প্ৰভাৱ প্ৰতিজন ব্যক্তিলৈও আহিব ১ এপ্ৰিলৰ পৰা।
৩৮৪ বিধ ঔষধৰ ভিতৰত সাধৰণতে জ্বৰ, মধুমেহ, সংক্ৰমণ, হৃদৰোগ, ৰক্তৰ সমস্যা, যক্ষ্মা, উচ্চ ৰক্তচাপ, ছালৰ ৰোগ, কেন্সাৰ, ৰক্তহীনতা আদি লগতে বহুতো ৰোগৰ দৰৱ সন্নিবিষ্ট হৈ আছে। যিবোৰ প্ৰায়বোৰ ৰোগীয়ে নিয়মীয়াকৈ ব্যৱহাৰ কৰে।
আনহাতে, প্রস্তাৱ অনুসৰি সাধাৰণ জ্বৰত সকলোৱে ব্যৱহাৰ কৰা পেৰাচিটামল, ডিঙিৰ সাধাৰণ অসুবিধাৰ বাবে ব্যৱহৃত এজিথ্র ‘মাইচিনকে ধৰি অন্যান্য এণ্টিবায়’টিক, ৰক্তহীনতাৰ চিকিৎসাত ব্যৱহৃত ফলিক এচিডৰ উপৰি বিভিন্ন ভিটামিন আৰু মিনাৰেলৰ দাম বৃদ্ধি হ’ব। মহাৰ্ঘ্য হব চিপ্ৰ’ফ্লক্সাচিন, হাইড্ৰ’ক্লাইড, মেট্ৰ’নিডাজল, মৰফিন, মেগনেছিয়াম ছালফেট, মিডাজোলাম, ক্লেৰিথ্ৰ ‘মাইচিন আদি। এনাস্থেচিয়া (চেতনানাশক ঔষধ) আৰু অক্সিজেনৰ দাম বৃদ্ধিৰ ফলত অৱধাৰিতভাৱে বৃদ্ধি হ’ব অস্ত্ৰোপচাৰৰ খৰচ
ঔষধৰ দাম বৃদ্ধিৰ সিদ্ধান্তই সাধাৰণ মানুহৰ স্বাস্থ্য ৰক্ষাত বিয়োগাত্মক প্ৰভাৱ পেলোৱাৰ বিপৰীতে এই সিদ্ধান্তই লাভান্বিত কৰিব ঔষধ কোম্পানীসমূহক।
উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰে বিগত বৰ্ষত ঔষধ সমূহৰ মূল্য ১০% কৈ বৃদ্ধি কৰা হৈছিল। এইসমূহ ঔষধৰ মূল্য ২০২২ চনৰ আগতে মাত্র ২-৪ শতাংশহে বৃদ্ধি হৈছিল।
লগতে পঢ়ক – তিনিবছৰৰ বিৰতিৰ পিছত IPL ত হোম এণ্ড এৱে ফ্ৰমেটত