নিউজ ডেস্ক: কৰ্ণাটকৰ মুখ্যমন্ত্ৰী কোন হ’ব তাক লৈ কংগ্ৰেছ দলত চলি আছে যথেষ্ট আলোচনা। আজি মল্লিকার্জুন খাৰ্গেৰ বাসগৃহত ৰুদ্ধদ্বাৰ বৈঠক আৰম্ভ হৈছে । বেংগালুৰু আৰু দিল্লীত চলি আছে দলৰ নেতাৰ ধাৰাবাহিক বৈঠক। শীর্ষ নেতৃত্বই মুখ্যমন্ত্ৰী বাছনিৰ বাবে তৎপৰ হৈছে । ইফালে কংগ্ৰেছ নেতা ৰাহুল গান্ধী ও দলৰ মুৰব্বী মল্লিকার্জুন খাৰ্গেৰ বাসগৃহত উপস্থিত হৈছে।

শীৰ্ষ বৈঠকত সম্ভাব্য মুখ্যমন্ত্ৰীৰ দুই দাবীদাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এছ সিদ্দাৰামাইয়া আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰও উপস্থিত আছে ৷
বিস্তাৰা বিমানেৰে বেংগালুৰুৰ পৰা ৰাওনা হোৱা শিৱকুমাৰ দিল্লী বিমানবন্দৰত উপস্থিত হৈছে আৰু খাৰ্গেৰ বাসগৃহত ৰাহুল আৰু খাৰ্গেক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে।
দিল্লীলৈ ৰাওনা হোৱাৰ পূৰ্বে শিৱকুমাৰে সংবাদ মাধ্যমত দৃঢ়তাৰে কৈছিল যে ঈশ্বৰ আৰু মাতৃয়ে সদায়ে জানে যে তেওঁৰ সন্তানক কি দিব লাগে ।

তেওঁ উল্লেখ কৰা মতে কংগ্ৰেছ দল তেওঁৰ বাবে মাতৃৰ দৰে । তেওঁ উল্লেখ কৰা মতে ভগৱানক সাক্ষাৎ কৰিবলৈ তেওঁ মন্দিৰলৈ গৈ আছে ।

তেওঁ অকলে গৈ আছে কাৰণ দলৰ সাধাৰণ সম্পাদকে তেওঁক অকলে আহিবলৈ কৈছে বুলিও শিৱকুমাৰে উল্লেখ কৰে।

ইয়াৰ পূৰ্বে সোমবাৰে শিৱকুমাৰে দিল্লী ভ্ৰমণ বাতিল কৰিছিল । শীর্ষ নেতৃত্বই মাতি পঠিওৱাৰ পাছতো তেওঁ অসুস্থতাৰ বাবে দিল্লী ভ্ৰমণ বাতিল কৰিছিল ৷

আনহাতে কর্ণাটকৰ এআইচিচিৰ ভাৰপ্ৰাপ্ত বিষয়া ৰণদীপ সুৰজেৱালা আৰু কৰ্ণাটকৰ ভাৰপ্ৰাপ্ত এআইচিচিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালৰ সৈতে কংগ্ৰেছৰ নিযুক্ত তিনিগৰাকী পর্যবেক্ষকে খাৰ্গেক সাক্ষাৎ কৰে আৰু বিধায়কসকলে প্ৰকাশ কৰা মতামতৰ ওপৰত আলোচনা কৰে । সোমবাৰে দিল্লীত উপস্থিত হৈ কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াই কেইবাগৰাকী শীর্ষ কংগ্ৰেছ নেতাক সাক্ষাৎ কৰে । কিন্তু তেওঁ খাৰ্গেক সাক্ষাৎ কৰা নাছিল ।

লক্ষণীয়ভাৱে আজি বৈঠকৰ পাছতে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply