মেঘালয়ত এটা গৱেষকৰ দলে কমেও ১০ কোটি বছৰ পুৰণি ডাইন’ছ’ৰৰ হাড় আৱিষ্কাৰ কৰিছে।
গৱেষকৰ দলটোৱে মেঘালয়ৰ পশ্চিম খাছি পাহাৰ জিলাত চৌৰাপদ (sauropod) প্ৰজাতিৰ ডাইন’ছ’ৰৰ জীৱাশ্ম হাড় উদ্ধাৰ কৰে।
অঞ্চলটোত অলপতে ক্ষেত্ৰ অধ্যয়নৰ বাবে যোৱা জিঅ’লজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ (জি এছ আই) এটা গৱেষকৰ দলে এই আৱিষ্কাৰ কৰে।
গৱেষকসকৰ মতে উত্তৰ-পূবত টিটানোচৌৰিয়ান (Titanosaurian) বংশৰ চৌৰাপদ প্ৰজাতিৰ ডাইন’ছ’ৰৰ জীৱাশ্ম এইবাৰে প্ৰথম আৱিষ্কাৰ হৈছে।
মেঘালয়ৰ বাহিৰে ইয়াৰ পূৰ্বে ভাৰতৰ কেৱল গুজৰাট, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু তামিলনাডুত এই প্ৰজাতিৰ ডাইন’ছ’ৰৰ হাড় উদ্ধাৰ হৈছিল।
প্ৰায় ২৫ ডাল হাড়ৰ টুকুৰা উদ্ধাৰ কৰা হয় বুলি গৱেষকৰ দলে জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে চৌৰাপদ প্ৰজাতিৰ ডাইন’ছ’ৰ বিলাকৰ যথেষ্ট দীঘল ডিঙি আৰু নেগুৰ আছিল, উক্ত ডাইন’ছ’ৰ বিলাকৰ মূৰটো প্ৰকাণ্ড দেহ আৰু ভৰিকেইটাৰ তুলনাত বহুত সৰু আছিল।