নিউজ ডেস্ক : মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাত আৰক্ষীয়ে এক অভিযান চলাই নতুনকৈ গঠন হোৱা এটা বিদ্ৰোহী গোটৰ ১১ জনকৈ সদস্যক গ্ৰেপ্তাৰ কৰে।
শুকুৰবাৰে ৰাজ্যখনৰ আৰক্ষীয়ে জনোৱা মতে আটকাধীন লোক কেইজন আচিক নেশ্যনেল চ’ছিয়েলিষ্ট কাউন্সিল (Achik National Socialist Council) নামৰ গোটটোৰ সদস্য। ধৃত সদস্য কেইজনৰ ভিতৰত সংগঠনটোৰ স্বঘোষিত সভাপতি চেখাম চাংমাও আছে।
এক প্ৰেছ বিজ্ঞপ্তি যোগে জিলাখনৰ আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়া মতে যোৱা ২৫ ছেপ্টেম্বৰত চেখাম চাংমাক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাৰ কিছুদিনৰ পিছতে আন ১০ জন সদস্যক গ্ৰেপ্তাৰ কৰা হয়।
ধৃত সদস্য কেইজনৰ পৰা দুটা বন্দুক আৰু এটা পিষ্টল জব্দ কৰা হয় বুলি বিজ্ঞপ্তিটোত লগতে জনোৱা হয়। ঘটনা সম্পৰ্কত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত চলাই আছে বুলি জানিবলৈ দিছে।
লগতে পঢ়ক : মেঘালয়ৰ শোকাবহ বাছ দুৰ্ঘটনাৰ চালকসহ দুজনৰ মৃতদেহ উদ্ধাৰ