নিউজ ডেস্ক : মেঘালয়ত সংঘটিত হৈছে ভয়ংকৰ পথ দুর্ঘটনা। ৫ জন লোক নিহত হোৱাৰ পৰিবৰ্তে ১৬ জন লোক আহত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাত। তুৰাৰ পৰা শ্বিলঙলৈ গৈ থকা এখন বাছ নদীত বাগৰি পৰাত এই দুর্ঘটনা সংঘটিত হয়।
জানিব পৰা মতে বুধবাৰে নিশা প্ৰায় ১১.৪৫ বজাত এই ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয়। তুৰাৰ পৰা শ্বিলঙলৈ যাত্ৰীবাহী বাছ এখন গৈ থকা অৱস্থাত বাছখন নদীত বাগৰি পৰে। যাত্ৰীবাহী বাছখন নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়।
লগতে পঢ়কঃমুককচেলেং আৰু চাৰিকড়িয়াক ট্ৰাইবেল বেল্টৰ পৰা মুক্ত, ৪ জনগোষ্ঠীয়ে কিনিব পাৰিব মাটি
নংশ্ৰামৰ ৰিংডি নদীত যাত্ৰীবাহী বাছখন বাগৰি পৰাত থিতাতে ৫ জন লোক নিহত হোৱাৰ লগতে আহত হয় ১৬ জন লোক। আহত সকলক মেঘালয় আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।