নিউজ ডেস্ক : উপ নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া মেঘালয়ত নিৰ্বাচনী প্ৰচাৰৰ শেষৰ দিনা দুটা ফৈদৰ মাজত হিংসাত্মক ঘটনা সংঘটিত হয়। উক্ত মাৰপিটত দুয়োটা পক্ষৰ ১২ গৰাকীকৈ লোক আহত হয়।
প্ৰাপ্ত তথ্য মতে, বুধবাৰে মেঘালয়ৰ গাৰো পাহাৰৰ ৰাজাবালা সমষ্টিৰ গাৰোডুবি গাঁৱত শাসনাধিষ্ট এন পি পি আৰু কংগ্ৰেছৰ সমৰ্থকৰ মাজত উক্ত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। পশ্চিম গাৰো পাহাৰ জিলাৰ উপায়ুক্তই ইষ্ট ম’জ’ক জনোৱা মতে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ৪ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
উক্ত ঘটনাৰ সৈতে ২১ গৰাকী লোক জড়িত থকা বুলি সদৰী কৰি নিৰ্বাচনী আইন লংঘনৰ অধীনত ঘটনাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে। অৱশ্যে কি কাৰণত কাজিয়াৰ সূত্ৰপাত হ’ল তাক বাতৰি লিখা পৰ্য্যন্ত জানিব পৰা হোৱা নাই।
ইতিমধ্যে সামাজিক মাধ্যমত মাৰপিটৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’ আক্ৰমণকাৰী সকলক লাঠি-পাথৰ আদিৰে আক্ৰমণ কৰা দেখা গৈছে।
অহা ৩০ অক্টোবৰত মেঘালয়ত তিনিটা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ’ব। ২ নৱেম্বৰত নিৰ্বাচনৰ ভোট গণনা কৰা হ’ব।
লগতে পঢ়ক : দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান খেল ৰত্ন বঁটাৰ বাবে মনোনীত অসমৰ লাভলীনা