নিউজ ডেস্কঃ ভূমিস্খলন আৰু বানপানীৰ ফলত ক্ষতিগ্ৰস্ত গাৰো পাহাৰ অঞ্চলৰ পৰিস্থিতি বুজ ল’বলৈ এক পৰ্যালোচনা বৈঠকত মিলিত হয় মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা। টুৰাত অনুষ্ঠিত এই বৈঠকত ক্ষতিগ্ৰস্ত উপায়ুক্ত কেইগৰাকী, আৰক্ষী অধীক্ষক আৰু জিলা কেইখনৰ বিষয়া সকল উপস্থিত থাকে।

এই বৈঠকখনত বিষয়াসকলে মুখ্যমন্ত্ৰী চাংমাক নিজ নিজ এলেকাত গ্ৰহণ কৰা বিভিন্ন সাহায্য ব্যৱস্থাৰ বিষয়ে অৱগত কৰাৰ লগতে বানৰ পানী হ্ৰাস পোৱাত অধিকাংশ অঞ্চলৰ পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ কথা অৱগত কৰে।

ইয়াৰ লগতে বিষয়াসকলে তিনিওখন জিলা ক্ৰমে পশ্চিম গাৰো পাহাৰ, দক্ষিণ পশ্চিম গাৰো পাহাৰ আৰু দক্ষিণ গাৰো পাহাৰৰ পথৰ আন্তঃগাঁথনি, ঘৰ-দুৱাৰ আৰু সম্পত্তিৰ ক্ষতিসাধনৰ বিষয়েও কৰে অৱগত।

মুখ্যমন্ত্ৰী চাংমাই বৈঠকত উপস্থিত বিষয়াসকলক সক্ৰিয়ভাৱে জড়িত হৈ সকলো সম্ভৱপৰ সহায় আগবঢ়াবলৈ নিৰ্দেশ প্ৰদান কৰে, যাতে বানপীড়িত লোকসকলে শীগ্ৰেই জৰুৰীকালীন সাহায্য লাভ কৰে।

লগতে মুখ্যমন্ত্ৰী কনৰাড চাংমাই প্ৰচণ্ড বৃষ্টিপাত আৰু ভূমিস্খলনৰ ফলত বিচ্ছিন্ন হৈ পৰা বিদ্যুৎ পৰিবাহী তাঁৰ আৰু পথ সংযোগৰ বাবে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক ক্ষিপ্ৰতাৰে কাম কৰিবলৈ নিৰ্দেশ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply