নিউজ ডেস্ক : ৰাজ্যৰ বাহিৰৰ পৰ্যটকৰ বাবে মেঘালয়ৰ দুৱাৰ বন্ধ হ’ল। ঘৰুৱা পৰ্যটকৰ বাবে মুকলি থাকিব দুৱাৰ। অহা ২৩ এপ্ৰিলৰ পৰা ৰাজ্যৰ বাহিৰৰ পৰ্যটকে যাব নোৱাৰিব মেঘালয়ত। মেঘালয় চৰকাৰে গ্ৰহণ কৰিলে এই সিদ্ধান্ত।
দেশত কভিড মহামাৰীৰ দ্বিতীয় ঢৌৱে সংহাৰী ৰূপ ধাৰণ কৰিছে। কেইবাখনো ৰাজ্যত ভয়াবহভাৱে বৃদ্ধি পাইছে কভিড আক্রান্ত লোকৰ সংখ্যা, মৃত্যুৰ মুখত পৰিছে বহু লোক। কভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ ৰাজধানী দিল্লীত লকডাউনৰ সিন্ধান্ত গ্ৰহণ কৰা হৈছে।
আৰু পঢ়কঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশৰ ক্ষেত্ৰত ক’ভিড পৰীক্ষা বাধ্যতামূলক
ইয়াৰ মাজতে মেঘালয় চৰকাৰে ৰাজ্যখনক কভিডৰ সংক্ৰমণৰ পৰা ৰোধ কৰিবলৈ গ্ৰহণ কৰিছে এক সিদ্ধান্ত। মেঘালয় চৰকাৰে কভিডৰ ভয়াবহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত বাহিৰৰ পৰ্যটকৰ বাবে দুৱাৰ বন্ধ কৰিছে। অহা ২৩ এপ্ৰিলৰ পৰা মেঘালয়ত ৰাজ্যখনৰ বাহিৰৰ পৰ্যটক প্ৰৱেশ কৰিব নোৱাৰিব। অৱশ্যে ৰাজ্যখনত বসবাস কৰা লোকে মেঘালয়ৰ পৰ্যটনস্থলী সমূহ পৰিদৰ্শন কৰিব পাৰিব।
সোমবাৰে মেঘালয় চৰকাৰে কেবিনেট বৈঠকত বাহিৰা পৰ্যটকৰ বাবে মেঘালয়ৰ দুৱাৰ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে নিজৰ টুইটযোগে অহা ২৩ এপ্ৰিলৰ পৰা মেঘালয়ত বাহিৰা পৰ্যটকৰ বাবে দুৱাৰ বন্ধ ৰখাৰ কথা জানিবলৈ দিয়ে।