নিউজ ডেস্ক : অসম তথা দেশৰ আন বহুকেইখন ৰাজ্যৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়তো অহা ৩০ অক্টোবৰত উপ নিৰ্বাচন অনুষ্ঠিত হ’ব। ৰাজ্যখনৰ ৩টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব লগীয়া উপ নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত বিশেষ তৎপৰতা আৰম্ভ হৈছে।

বিশেষকৈ কংগ্ৰেছৰ দখলত থকা ৪৭ নং ৰাজাৱালা বিধানসভা সমষ্টি নিজৰ দখললৈ আনিবলৈ উঠিপৰি লাগিছে মুখ্য মন্ত্ৰী কনৰাড চাংমা নেতৃত্বাধীন এন পি পি দল। মুখ্য মন্ত্ৰী গৰাকীয়ে সমষ্টিটোৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়োৱা প্ৰাক্তন মন্ত্ৰী আবু ছালেকৰ হৈ ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে।

মুখ্য মন্ত্ৰী চাংমাই শনিবাৰে পুৰণি ভাইটবাৰী হাইস্কুল খেল পথাৰত আবু ছালেকৰ হৈ অনুষ্ঠিত এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে।

নিজৰ ভাষণত মুখ্য মন্ত্ৰী গৰাকীয়ে দেশত কংগ্ৰেছৰ অস্তিত্ব নাইকীয়া হ’বলৈ গৈ আছে বুলি মন্তব্য কৰি কংগ্ৰেছ দল বৰ্তমান চালক বিহীন বাছত পৰিণত হৈছে বুলি কতাক্ষ কৰে।

পূৰ্বৰ চৰকাৰৰ দিনত মেঘালয় উগ্ৰপন্থীকে ধৰি বিভিন্ন অপৰাধমুলক সমস্যাত জৰ্জৰিত হৈ আছিল বুলি উল্লেখ কৰি বৰ্তমানৰ এন পি পি চৰকাৰে ৰাজ্যখনলৈ শান্তি ঘুৰাই আনিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰে।

প্ৰায় ১০ সহস্ৰাধিক লোকৰ সমাগম হোৱা উক্ত সভাত চাংমাৰ উপৰি শাসক দলৰ কেইবা গৰাকী বিধায়ক তথা জেষ্ঠ নেতা উপস্থিত থাকে।

লগতে পঢ়ক : নগাঁৱৰ জুৰীয়াত বনৰীয়া হাতীৰ উপদ্ৰৱ; দুজন আহত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply