এগৰাকী প্ৰাক্তন এইচ এন এল চি নেতা চেষ্টাৰফিল্ড থামখিউৰৰ হত্যাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে সমগ্ৰ মেঘালয়। উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন নেতাক আৰক্ষীয়ে ভুৱা এনকাউন্টাৰ কৰাৰ প্ৰতিবাদত নেতাগৰাকীৰ সমৰ্থনত মুকলি ভাবে ওলাই আহে । ৰাস্তাৰ ওপৰত প্ৰতিবাদৰ নামত ৰখাই থোৱা গাড়ী জ্বলোৱাৰ লগতে বহু ৰাজহুৱা সম্পত্তিৰ ক্ষতি কৰে ।

ৰাজ্যখনৰ বিভিন্ন স্থানত উত্তেজিত ৰাইজে ক’লা পতাকা উৰুওৱাৰ লগতে শিল দলিয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰতিবাদী আন্দোলনে হিংসাত্মক ৰূপ ল’লে স্বাধীনতা দিৱসৰ দিনাই । জ্বলাই পেলোৱা হৈছে পথত ৰখাই থোৱা যান-বাহন। ৰাজ্যখনৰ শেহতীয়া হিংসাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মেঘালয় প্ৰশাসনে শ্বিলঙত আজি নিশা ৮ বজাৰ পৰা সম্পুৰ্ণ সান্ধ্যআইন ঘোষণা কৰিছে।

ইপিনে, ৰাজ্যখনৰ চাৰিখন জিলাত পৰিস্থিতিৰ যাতে অধিক অৱনতি ঘটিব নোৱাৰে তাৰবাবে মোবাইল ইণ্টাৰনেট সেৱা আৰু এছ এম এছ সেৱা ৪৮ ঘণ্টাৰ বাবে বন্ধ কৰি দিছে স্থানীয় প্ৰশাসনে।
শ্বিলঙত সান্ধ্যআইন ঘোষণা কৰাৰ পাছতে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে টুইট কৰি মেঘালয়ৰ পৰিস্থিত শান্ত নোহাৱা পৰ্যন্ত অসমৰ জনসাধাৰণক শ্বিলং ভ্ৰমণ নকৰিবলৈ আহ্বান জনাইছে।
লগতে পঢ়ক তিনিগৰাকী এএনএম নাৰ্ছক সম্বৰ্ধনা জনালে মুখ্যমন্ত্ৰীয়ে