মেঘালয় – চুবুৰীয়া ৰাজ্যখনৰ মেঘালয়ৰ ৪৭ নং ৰাজাৱালা বিধানসভা সমষ্টিৰ কংগ্ৰেছী বিধায়ক ড০ আজাদ জামানৰ বৃহস্পতিবাৰে পুৱতি নিশা হঠাৎ মৃত্যু হোৱা ঘটনাই সমগ্ৰ সমষ্টিৰ লগতে ৰাজ্যখনত এক গভীৰ শোকৰ ছাঁ পেলাইছে।উল্লখযোগ্য যে বুধবাৰে নিশাৰ আহাৰ গ্ৰহণ কৰি বিধায়ক গৰাকী ৰাজাবালাস্থিত নিজ বাসভৱনত শুই আছিল।

পুৱতি নিশা প্ৰায় ২ বজাত বিধায়ক গৰাকী হৃদয়জনিত কাৰণত অসুস্থ হৈ পৰে। লগে লগে বিধায়ক গৰাকীক চিকিৎসলায়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

হঠাৎ বিধায়ক গৰাকীৰ মৃত্যু হোৱাত ৰাজাৱালা সমষ্টিৰ লগতে পশ্চিম গাৰো পাহাৰ জিলা আৰু চুবুৰীয়া ৰাজ্যখনত গভীৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে। মেঘালয়ৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী বিধায়ক গৰাকীৰ ঘৰত উপস্থিত হোৱা বুলিও জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply