নিউজ ডেস্কঃ বিল গেটছৰে বিবাহ বিচ্ছেদৰ পাছত প্ৰথমবাৰলৈ সাক্ষাৎকাৰ দিলে মেলিণ্ডা ফ্ৰেন্স গেটছে। মেলিণ্ডাই এই সাক্ষাৎকাৰত বিল গেটছ আৰু ফাইনেন্সৰ জেফৰী এপষ্টীনৰ বন্ধুত্বৰ সন্দৰ্ভত আলোচনা কৰে। উল্লেখ্য যে, ২০১৯চনত যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত কাৰাবাস খাটি থকা জেফৰী এপষ্টীনে কাৰাগাৰৰ ভিতৰতে আত্মহত্যা কৰে।

ইফালে, সাক্ষাৎকাৰৰ সময়ত জেফৰী এপষ্টীনৰ সন্দৰ্ভত প্ৰশ্ন কৰাত মেলিণ্ডা ফ্ৰেন্স গেটছে কয় যে- তেওঁ এবাৰ এপষ্টীনক সাক্ষাৎ কৰিছিল। মেলিণ্ডাই কয়- মই এবাৰ তেওঁক চাব বিচাৰিছিলো যে তেওঁ কোন হয়। কিন্তু তেওঁক সাক্ষাৎ কৰাৰ পাছৰে পৰা মই এতিয়াও ভাবো যে কিয় মই তেওঁৰ ঘৰত ভৰি থৈছিলো।

সাক্ষাৎকাৰত তেওঁ আৰু বিল গেটছৰ বিবাহ বিচ্ছেদৰ কাৰণ এপষ্টীন নেকি বুলি প্ৰশ্ন কৰাত মেলিণ্ডাই কয় যে- আমাৰ বিবাহ বিচ্ছেদ হোৱাৰ বহু কেইটা কাৰণ আছিল। তাৰে এটা কাৰণ এপষ্টীনো হয়। এপষ্টীনক এজন ঘৃণনীয় আৰু ধৃত বুলি অভিহিত কৰি মেলিণ্ডা ফ্ৰেন্স গেটছে স্পষ্ট কৰে যে, মই কেতিয়াও বিল গেটছ আৰু এপষ্টীনক লগ হ’বলৈ বাধা দিয়া নাই।

উল্লেখযোগ্য যে, ২০২১চনত বিল গেটছ আৰু মেলিণ্ডা ফ্ৰান্স গেটছৰ হৈছিল বিবাহ বিচ্ছেদ। ২৭ বছৰীয়া যুগ্মজীৱনৰ পাছত দুয়োৱে নিজৰ নিজৰ পথ বাচি লৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply