লকডাউনৰ পোষকতা

দেশৰ ক’ভিড পৰিস্থিতিৰ ভয়াবহতাৰ ৰূপ দেখি ১৪ দিনৰ লকডাউনৰ পোষকতা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ । ৰাজ্য চৰকাৰসমূহক এইক্ষেত্ৰত নিজ নিজ ৰাজ্যৰ পৰিস্থিতি অনুকুলে ব্যবস্থা লবলৈ পৰামৰ্শ দিছে গৃহ মন্ত্ৰালয়ে ।

ৰাজ্য চৰকাৰসমূহলৈ কেন্দ্ৰীয় গৃহ সচিবে লিখা পত্ৰত কোৰোনাৰ সংক্ৰমন ৰোধ কৰাৰ ক্ষেত্ৰত ১৪ দিনৰ বাবে লকডাউনৰো পোষকতা কৰা হৈছে । প্ৰয়োজনত নৈশ সান্ধ্য আইনৰ কথাও উল্লেখ কৰিছে পত্ৰ খনত ।

আৰু পঢ়কঃঅসম চৰকাৰৰ নতুন নিৰ্দেশনা : ৩০০তকৈ অধিক ক’ভিড আক্ৰান্ত জিলাত বন্ধ হ’ব সকলো শিক্ষানুষ্ঠান


গৃহ সচিব অজয় ভাল্লাৰ পত্ৰ খনত ডাঙৰ ডাঙৰ শ্বপিং কমপ্লেস্ক বোৰ বন্ধ কৰাৰ লগতে কাৰ্যালয় বোৰত ৫০ শতাংশ কৰ্মচাৰীৰে কাম চলোৱাৰ কথা কোৱা হৈছে ।

পত্ৰ খনত সামাজিক, ৰাজনৈতিক অনুষ্ঠান, ক্ৰীড়া সমাৰোহ, এন্টাৰটেইন্টমেন্ট কাৰ্যসূচী, শিক্ষানুষ্ঠান, ধৰ্মীয় অনুষ্ঠান ,বিভিন্ন ফেষ্টিভেল আদি সম্পূৰ্ণ ৰূপে বন্ধ কৰিবলৈ ৰাজ্য চৰকাৰ বোৰক আহ্বান জনাইছে ।


দেশৰ বহু স্থানতে অক্সিজেনৰ নাটনীৰ পৰিপ্ৰেক্ষিতত গৃহ বিভাগে ব্যক্তিগত খন্ডৰ অক্সিজেন প্ৰকল্পবোৰে চৰকাৰ আৰু মেডিকেল প্ৰয়োজনৰ বাহিৰে আন ক্ষেত্ৰলৈ দিয়াৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply