ভাৰতৰ নাগৰিকত্ব

চুবুৰীয়া দেশৰ ধৰ্মীয় সংখ্যালঘুক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বাবে তৎপৰ হৈছে কেন্দ্ৰীয় চৰকাৰ।২০০৯ চনত নাগৰিকত্ব আইন ১৯৫৫চনৰ অধীনত প্ৰস্তুত কৰা নিয়ম অনুসৰি কেন্দ্রই ৫ ৰাজ্যৰ ১৫জিলাত বসবাস কৰি থকা আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘুক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব।

এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এখন জাননী জাৰি কৰিছে।ইছলাম ধৰ্মৰ বাদে ৬ ধৰ্মৰ শৰনাৰ্থীয়ে কৰিব পাৰিব আবেদন।পাঁচ ৰাজ্য ক্ৰমে গুজৰাট, ছত্তীশগড়, পঞ্জাৱ, ৰাসস্থান, হাৰিয়ানাত থকা শৰনাৰ্থীয়ে কৰিব পাৰিব আবেদন।

পাকিস্তান, আফগানিস্তান, বাংলাদেশৰ নাগৰিকে ভাৰতৰ নাগৰিকত্ব বিচাৰি আবেদন জনাব পাৰিব। যিকেইখন ৰাজ্যৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে সেই ৰাজ্যকেইখন হৈছে- গুজৰাট, চত্তীশগড়, ৰাজস্থান, হাৰিয়ানা আৰু পাঞ্জাৱ। অথাৎ এই ৫ৰাজ্যৰ অন্তৰ্গত ১৩জিলাৰ কৰ্তৃপক্ষই হিন্দু, শিখ, বুদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান লোকসকলে নাগৰিকত্ব বিচৰা আবেদন গ্ৰহণ কৰিব পাৰিব।

লগতে পঢ়ক চাকৰি : এন আই টি (NIT) শিলচৰত ৫৫টা পদত নিযুক্তি

অনলাইনযোগে এই আবেদন গ্ৰহণ কৰিব কৰ্তৃপক্ষই। নাগৰিকত্ব আইন ১৯৫৫ৰ অধীনত, নাগৰিকত্ব বিধি ২০০৯ অনুসৰি তেওঁলোকে নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও অনুৰূপ জাননী ভাৰত চৰকাৰৰ দ্বাৰা ২০০৮চনত কেইখনমান জিলাৰ বাবে জাৰি কৰা হৈছিল।

যিকেইখন জিলাক এই জাননীয়ে সামৰি লৈছে সেইকেইখন হল গুজৰাটৰ মুৰ্বী, ৰাজপুত. পাতান আৰু বৰোদা। চত্তীষগড়ৰ ডাৰ্গ, বালোডাবাজা, ৰাজস্থানৰ জলোৰে, উদয়পুৰ, পালি, বাঘমেৰ, হাৰিয়ানাৰ ফৰিদাবাদ আৰু পাঞ্জাৱৰ জলন্ধৰ। এই জিলাকেইখনৰ উপৰিও পাঞ্জাৱ আৰু হাৰিয়ানাৰ গৃহ সচিবক অনুৰূপ ক্ষমতা দিয়া হৈছে।

লগতে পঢ়ক Video: কোভিড-১৯ জয় কৰি স্বগৃহলৈ উভতিল তেজপুৰৰ ৯৩ বছৰীয়া ককা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply