দ্বিতীয় স্তৰত দেশত কৰোনা ভয়ংকৰ ৰূপত বাঢ়ি অহাৰ পৰিলক্ষিত ক’ভিড সংক্ৰমণ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে দিছে নতুন নিৰ্দেশনা।
এতিয়াৰে পৰা দেশৰ সকলো চৰকাৰী কাৰ্যালয়ত মাত্ৰ ৫০ শতাংশ কৰ্মচাৰীহে উপস্থিত থাকিব পাৰিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰে এই নিৰ্দেশনা।
আনহাতে দেশত ভয়ংকৰ ৰূপ লৈছে ক’ৰোনাই ।
ভাৰতত এদিনতে আক্ৰান্ত হৈছে ২ লাখ ১৭ হাজৰ ৩৫৩ জন লোক।
দিল্লীত আৰম্ভ হৈছে কাৰ্ফিউ। দেশত যোৱা ২৪ ঘন্টাত ১১৮৫ জন লোকে প্ৰাণ হেৰুৱাইছে ।
দিল্লীত ক্ৰমান্বয়ে বৃদ্ধি পোৱা কোৰোনাৰ সংক্ৰমন ৰোধ কৰিবলৈ আজি নিশা ১০ বজাৰ পৰা দিল্লীত সান্ধ্য আইন ঘোষণা ।
সোমবাৰে সন্ধিয়া ৬ বজালৈ দিল্লীত অব্যাহত থাকিব নৈশ সান্ধ্য আইন ।
ইফালে কোভিডৰ ভয়াবহতাৰ বাবে দিল্লীত বন্ধ থাকিব মল,জীম আদি ।
হোটেল সমূহে হোম ডেলিভাৰী কৰিব পাৰিব বুলি সংবাদমেল যোগে জনাই মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ।
চিনেমা হ’ল বোৰ ৩০ শতাংশ দৰ্শকেৰে খোলা ৰাখিব পাৰিব বুলি সংবাদ মেলত কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।
মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সাংবাদিকক কয়- “দিল্লীত তীব্ৰগতিত বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ ।দিল্লীত অসাধাৰণ স্থিতি সৃষ্টি হৈছে, কিন্তু এতিয়াও ল’কডাউনৰ কোনো সম্ভাৱনা নাই।”