নিউজ ডেস্কঃ অগ্নিপথ আঁচনিৰ বিৰোধিতাত ক্ষোভত জ্বলিছে দেশ । এই আঁচনিৰ প্ৰতিবাদত দেশৰ বিভিন্ন ঠাইত সংঘটিত হৈছে বিক্ষিপ্ত ঘটনা। ইয়াৰ পাছতেই শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে ঘোষণা কৰিলে এক সিদ্ধান্ত।  

 অগ্নিবীৰ সকলৰ আসনৰ ক্ষেত্ৰত ১০% সংৰক্ষণ ঘোষণা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আঁচনি সন্দৰ্ভত সমগ্ৰ দেশজুৰি চলি থকা হুলস্থুলৰ মাজতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এটা টুইট কৰিছে। য’ত কোৱা হৈছে যে কেন্দ্রীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু আছাম ৰাইফলছত  নিযুক্তিৰ ক্ষেত্ৰত অগ্নিপথ আঁচনিৰ অধীনত ৪ বছৰ সম্পূৰ্ণ কৰা অগ্নিবীৰসকলক গৃহ মন্ত্ৰালয়ে ১০% পদ সংৰক্ষণ কৰাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ইয়াৰ সমান্তৰালকৈ অগ্নিবীৰসকলক কেন্দ্রীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু আছাম ৰাইফলত নিযুক্তিৰ বাবে নিৰ্ধাৰিত সৰ্বোচ্চ বয়সৰ সীমা ৩ বছৰলৈ শিথিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গৃহ মন্ত্ৰণালয়ে। অৱশ্যে অগ্নিপথ আঁচনিৰ প্ৰথমটো গোটৰ বাবে এই শিথিলতা ৫ বছৰ হ’ব বুলি গৃহ মন্ত্ৰণালয়ে জনাইছে।

উল্লেখ্য যে,  বিগত চাৰিদিন ধৰি দেশৰ বিভিন্ন ৰাজ্যত অগ্নিপথ আঁচনি সন্দৰ্ভত বিক্ষোভ চলি আছে। বহু ঠাইত বিক্ষোভৰ নামত  ৰেলত অগ্নিসংযোগ কৰা ঘটনা সংঘটিত হৈছে। সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলে চৰকাৰক এই সিদ্ধান্ত তৎকালীনভাৱে প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে। যদিও চৰকাৰে যুৱক-যুৱতীসকলক শান্ত কৰিবলৈ এই আঁচনিখনত বহু পৰিৱৰ্তন কৰি আছে, ইয়াৰ পূৰ্বেও নিযুক্তি আৰু অৰ্ধসামৰিক বাহিনীৰ বয়সৰ সীমাক অগ্ৰাধিকাৰ দিয়া বুলি কোৱা হৈছিল, কিন্তু ইয়াৰ কোনো প্ৰভাৱ পৰা নাছিল।

‘অগ্নিপথ’ আঁচনিত নিযুক্তিৰ বাবে প্ৰাথমিক অধিসূচনা জাৰি কৰা দুদিনৰ ভিতৰত ‘অগ্নিপথ’ আঁচনিৰ অধীনত আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হ’ব বুলি সেনাই প্ৰকাশ কৰিছে। সেনা বিষয়াসকলে জনোৱা মতে, প্ৰাৰম্ভিক অধিসূচনা জাৰি কৰাৰ পিছত পৰৱৰ্তী সময়ত নিযুক্তি প্ৰক্ৰিয়াৰ সবিশেষ যেনে- খালী পদৰ সংখ্যা, নিযুক্তিৰ স্থান আৰু পৰীক্ষাৰ সময়সূচী প্ৰদান কৰিব। বিষয়াসকলে জনোৱা মতে, সেনাই ‘অগ্নিপথ’ আঁচনিৰ অধীনত ডিচেম্বৰৰ ভিতৰত নিযুক্তিপ্ৰাপ্তসকলৰ প্ৰশিক্ষণ আৰম্ভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। অহা বছৰৰ জুন মাহৰ ভিতৰত এই নতুন আঁচনিৰ অধীনত নিযুক্তি দিয়া প্ৰাৰম্ভিক গোটৰ নিযুক্তি প্ৰাপ্তসকলক সেনাই কাৰ্যকৰী আৰু অকাৰ্য্যকৰী ভূমিকাত নিয়োগ কৰাৰ পৰিকল্পনা কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply