নিউজ ডেস্ক : নিজৰ প্ৰতিভাৰ বলত বলিউডৰ সংগীত জগতত পৰিচয় বুটলিবলৈ তুলিবলৈ সক্ষম হৈছে অৰুণাচল প্ৰদেশৰ এগৰাকী তৰুণ গায়কে। এনং চিংফো নামৰ গায়কজনৰ সামাজিক মাধ্যমত আপলড কৰা এটা মিউজিক ভিডিঅ’ই দৃষ্টি আকৰ্ষণ কৰিছে বিখ্যাত সংগীত গোষ্ঠী জি মিউজিকৰ।

উল্লেখযোগ্য যে ২৭ বছৰীয়া এনং চিংফো হৈছে বলিউডৰ সংগীত গোষ্ঠীত কণ্ঠদান কৰা অৰুণাচল প্ৰদেশৰ প্ৰথমজন গায়ক।

এনঙৰ ‘লৌট আও মা’ (Laut Aao Maa) নামৰ গীতটোক সকলো মাতৃ সকলৰ প্ৰতি উৎসৰ্গাৰ চিন স্বৰূপে জি মিউজিকে মাতৃ দিৱস দিনা মুকলি কৰিছিল আৰু ইয়াৰ মাত্ৰ এটা মাহৰ ভিতৰতে ভিডিঅ’টোৱে ইউটিউবত ১৪ লাখ ভিউ লাভ কৰিছে।

YouTube video

‘মোৰ বাবে এইয়া এক সপোন বাস্তৱত পৰিণত হৈছে। সৰুৰ পৰাই মই বলিউডৰ এটা মিউজিক কোম্পানিত গান গোৱাৰ সপোন পুহি ৰাখিছিলো,’ এনঙে কয়।

লগতে পঢ়ক : বিধায়ক পদ ত্যাগ কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে, বিজেপিত যোগদানৰ যো জা

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ মিয়াও চিংফো গাঁৱৰ ইন্নাউ লাডৈ চিংফো আৰু জামাই থু চিংফোৰ একমাত্ৰ পুত্ৰ এনঙে জনাই যে ভিডিঅ’টোত লাভ কৰা সহাঁৰিয়ে তেওঁক অভিভূত কৰি তুলিছে।

নিজৰ মাকক হেৰোৱা এটি শিশুৰ মনৰ বেদনা ভৰা অনুভুতিয়ে গানটোক জিপাল কৰি তুলিছে। ‘ইমান ভাল সঁহাৰি পাম বুলি মই কেতিয়াও ভবা নাছিলো। ইমান মৰম পাই মোৰ নিজকে বহুত সৌভাগ্যবান যেন অনুভৱ হৈছে,’ দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতক গৰাকীয়ে কয়।  

উক্ত গানটোৰ সাফল্যৰ পিছতে হিন্দী ছবি জগতৰ বহু কেইগৰাকী সংগীত প্ৰযোজকে তেওঁৰ সৈতে যোগাযোগ কৰা বুলিও এনঙে জানিবলৈ দিয়ে।

‘যদি সকলো ঠিকে থাকে শীঘ্ৰে মই এটা বলিউডৰ প্ৰযোজনা গোষ্ঠীৰ দ্বাৰা নিৰ্মিত এখন ৱেব ছিৰিজত কণ্ঠদান কৰিম,’ এনঙে কয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply