নিউজ ডেস্কঃ প্ৰথম চন্দ্ৰ অভিযান, এপ’ল’ ১১ মিছনৰ সদস্য, মহাকাশচাৰী মাইকেল কলিন্সৰ মৃত্যু। বুধবাৰে আমেৰিকাৰ ফ্ল’ৰিডাত মৃত্যু হয় মহাকাশচাৰীজনৰ।

দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল মাইকেল কলিন্স।

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯০বছৰ।

৩০ অক্টোবৰ ১৯৩০ চনত ইটালীৰ ৰোমত জন্মগ্ৰহণ কৰিছিল মাইকেল কলিন্সে।

১৯৬৯চনত নীল আৰ্মষ্ট্ৰং আৰু এল্ড্ৰিনৰ সৈতে চন্দ্ৰত গৈ আৰু ভৰি দি ইতিহাস সৃষ্টি কৰিছিল মাইকেল কলিন্সে।

কলিন্সে চন্দ্ৰপৃষ্ঠৰ পৰা প্ৰায় ৬০ মাইল ওপৰেৰে ঘূৰি কামাণ্ড মডিউলটো পৰিচালনা কৰিছিল।

এই অভিযানটো সফল কৰি ১৯৬৯চনৰ ২৪জুলাইত নীল আৰ্মষ্ট্ৰং আৰু এল্ড্ৰিনৰ সৈতে মাইকেল কলিন্সে সুকলমে পৃথিৱীত ভৰি দিছিল।

কলিন্সৰ মৃত্যুত নাছাৰ এডমিনিষ্ট্ৰেটৰ ষ্টিভ জুৰ্কজিকে শোক প্ৰকাশ কৰি কয় যে আমেৰিকা তথা সমগ্ৰ বিশ্বই এজন মহান মহাকাশচাৰীক হেৰুৱালে।

লগতে তেওঁ কয় যে মাইকেল কলিন্সৰ বাবেই নীল আৰ্মষ্ট্ৰং আৰু এল্ড্ৰিনে চন্দ্ৰত অৱতৰণ কৰাটো সম্ভৱ হ’ল। মাইকেল নোহোৱা হ’লে তেওঁলোক বহুত সমস্য়াত পৰিলহেতেন।

মাইকেল কলিন্সে বায়ু সেনাৰ পাইলটৰ পৰা চন্দ্ৰ ভ্ৰমণলৈ বহুতো অভিলেখ স্থাপন কৰিছিল।

মাইকেলৰ চন্দ্ৰ ভ্ৰমণৰ তেওঁৰ হাতেলিখা ডায়েৰীত লিখা স্মৃতি ৰাষ্ট্ৰীয় বায়ু আৰু মহাকাশ সংগ্ৰহালয়ত ৰখা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply