বৰ্তমান ভাৰতত কোৰোণা ভাইৰাছৰ সংক্ৰমণে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি বেছিভাগ ৰাজ্যতে লকডাউন ঘোষণা কৰা হৈছে, যাৰ পৰিপেক্ষিতত বিবাহ আদি সামাজিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যথেষ্ট বাধা-নিষেধ আৰোপ কৰা হৈছে।

কিন্তু ইয়াৰ মাজতে তামিলনাডুৰ এহাল দম্পত্তীয়ে লকডাউনৰ নীতি-নিয়মৰ পৰা হাত সাৰিবলৈ আকাশত গৈ বিবাহপাশত আৱদ্ধ হোৱা এক ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।  

ঘটনা অনুসৰি তামিলনাডুৰ মাদুৰাইৰ যোৱা এসপ্তাহৰ পৰা ৰাজ্যখনত চলি থকা লকডাউনৰ মাজতে দেওবাৰে অৰ্থাৎ ২৩ মে’ত স্পাইচজেটৰ এখন চাৰ্টাৰ্ড বিমানৰ ভিতৰত বিবাহ কাৰ্য্য সম্পন্ন কৰে।

মাদুৰাই বিমানবন্দৰৰ পৰা উৰা মৰা বিমানখনত দম্পত্তীহালৰ উপৰি পৰিয়ালৰ লোককে ধৰি ১৫০ গৰাকীতকৈ অধিক ব্যক্তি আছিল আৰু বিমানখন প্ৰায় ২ঘণ্টা ধৰি আকাশত আছিল।

ভাইৰেল হৈ পৰা ভিডিঅ’টোত দৰা-কইনাৰ সৈতে যোৱা অতিথিসকলে ক’ভিড প্ৰটোকল উলংঘা কৰি এজনে আনজনৰ নিচেই কাষত থকা দেখা যায়।

উক্ত ঘটনা পোহৰলৈ অহা পিছতে বিমানখনৰ চলককে ধৰি বিমানখনত থকা কৰ্মচাৰীসকলৰ চাকৰি কৰ্তন কৰা হৈছে বুলি  Directorate General of Civil Aviation (DGCA)- ৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে।

ইয়াৰ উপৰি DGCA –এ স্পাইছজেটক বিমানৰ ভিতৰত ক’ভিড প্ৰটোকল ভংগ কৰা লোকসকলৰ বিৰুদ্ধে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছে।

বিষয়টো তদন্তৰ অন্তত DGCA –এ দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।

ভাৰতত বৰ্মানলৈকে ২,৬৭,৫২,৪৪৭ গৰাকী ব্যক্তি আক্ৰান্ত হোৱাৰ লগতে ৩ লাখতকৈ অধিক ক’ভিড ৰোগীৰ মৃত্যু হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply