নিউজ ডেস্ক: ৰাছিয়াৰ হৈ ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সাজু মধ্য প্ৰাচ্যৰ ১৬,০০০ ‘স্বেচ্ছাসেৱী’ বিদ্ৰোহী। শুকুৰবাৰে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।
নিউজ এজেন্সি ANI-ত প্ৰকাশ পোৱা মতে ৰাছিয়াই ইউক্ৰেইনত চলি থকা যুদ্ধত মধ্য প্ৰাচ্যকে ধৰি আন অঞ্চলৰ পৰা ‘স্বেচ্ছাসেৱী’ যুদ্ধা অনাৰ ক্ষেত্ৰত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিনে সন্মতি জনাইছে।
ৰাছিয়াক সমৰ্থন আগবঢ়োৱা বিদ্ৰোহীসকলক আমেৰিকাত নিৰ্মিত এণ্টি-টেংক ক্ষেপনাস্ত্ৰ প্ৰদান কৰাৰ বাবে দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী Sergei Shoigu -এ আগবঢ়োৱা প্ৰস্তাৱক ৰাষ্ট্ৰপতি পুতিনে অনুমোদন জনোৱা বুলি জানিব পৰা গৈছে।
পুতিনে ভাগ লোৱা ৰাছিয়াৰ নিৰাপত্তা পৰিষদত অনুষ্ঠিত এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
উল্লেখযোগ্য যে যোৱা দিনকেইটাত পশ্চিম ইউক্ৰেইনত ৰাছিয়াৰ সেনা বাহিনীয়ে ভয়ংকৰ আক্ৰমণ চলাই আছে।
লগতে পঢ়ক – আন্তঃজিলা এথলেটিকছ: গুৱাহাটী চেম্পিয়ন