নিউজ ডেস্ক: নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত বুধবাৰে কাশ্মীৰত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈয়বাৰ দুজন উগ্ৰপন্থী নিহত হয়। শ্ৰীনগৰৰ ৰাইনাৱাৰী অঞ্চলত সংঘটিত হয় উক্ত এনকাউণ্টাৰৰ ঘটনা।
আৰক্ষীৰ সূত্ৰই জনোৱা মতে আজি পুৱতি নিশা নিৰাপত্তাৰক্ষীয়ে তালাচী চলাই থকাৰ সময়তে উক্ত ঘটনা সংঘটিত হয়।
দুয়োপক্ষৰ মাজত চলা গুলীয়াগুলীত দুজন উগ্ৰপন্থীৰ মৃত্যু হয় বুলি জানিবলৈ দি কাশ্মীৰ মণ্ডল আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে কয় যে নিহত এজন উগ্ৰপন্থীৰ পৰা এখন ‘মিডিয়া পৰিচয় পত্ৰ’ উদ্ধাৰ কৰা হৈছে।
ৰায়েছ আহমেদ ভট্টৰ নামত থকা পৰিচয় পত্ৰখনত তেওঁ ‘Valley Media Service’ নামৰ এটা অখ্যাত সংবাদ প্ৰতিষ্ঠানৰ মুখ্য সম্পাদক বুলি লিখা আছে। আনগৰাকী নিহতক হিলাল আহমেদ বুলি চিনাক্ত কৰা হৈছে।
আৰক্ষী বিষয়া গৰাকীয়ে জনোৱা মতে নিহত ৰায়েছ আহমেদে ২০২১ চনত উগ্ৰপন্থী সংগঠনত যোগদান কৰাৰ পূৰ্বে সাংবাদিক হিচাপে কাম কৰিছিল। আনন্টনাগ জিলাত সংঘটিত বহুকেইটা হত্যাকাণ্ডৰ ঘটনাত তেওঁ জড়িত আছিল বুলি আৰক্ষী বিষয়া গৰাকীয়ে লগতে কয়।
লগতে পঢ়ক – কাৰ্বি আংলঙত ৫ কোটি টকাৰ হেৰইন জব্দ, ৩জনক গ্ৰেপ্তাৰ