নিউজ ডেস্ক : ক’ভিডৰ হাতত পৰাস্ত হ’ল ‘ফ্লাইং শিখ’ মিলখা সিং। শুকুৰবাৰে নিশাৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰিলে ভাৰতৰ কিংবদন্তি এথলেটিকছ মিলখা সিঙে। নিশা ১১ বজাত চণ্ডীগড়ৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ভাৰতৰ ক্ৰীড়া জগতক এক নতুন মাত্ৰা প্ৰদান কৰা মিলখা সিঙ।
‘ফ্লাইং শিখ’ নামেৰে জনাজাত ভাৰতীয় প্ৰাক্তন দৌৰবিদ মিলখা সিঙ আমাৰ মাজত নাই। শুকুৰবাৰে নিশা ১১ বজাত পাঞ্জাৱৰ চণ্ডীগড়ত এখন হাস্পতালত শেষ নিশ্বাস কৰে ভাৰতত প্ৰাক্তন দৌৰবিদ মিলখা সিঙে। ৯১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা মিলখা সিঙ যোৱা মাহত ক’ভিডত আক্রান্ত হৈছিল।
বিগত প্ৰায় এমাহ ধৰি চিকিৎসাধীন হৈ থকা ভাৰতৰ প্ৰাক্তন দৌৰবিদৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে শুকুৰবাৰে নিশা। তেওঁৰ শৰীৰত অক্সিজেন মাত্ৰা হ্ৰাস পোৱাৰ ফলত তেওঁৰ অৱস্থাৰ অধিক সংকটজনক হৈ পৰিছিল। মৃত্যুৰ দুদিন পূৰ্বে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছিল যদিও চিকিৎসাধীন হৈ আছিল মিলখা সিং।
উল্লেখ্য যে যোৱা ১৩ জুন তাৰিখে মিলখা সিঙৰ পত্নী নিৰ্মল মিলখা সিঙৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছিল। মিলখা সিঙৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ দেশতে শোকৰ ছাঁ পেলাইছে। মিলখা সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।