নিউজ ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে প্রাথমিক শিক্ষাৰ বাবে জাৰি কৰিছে নতুন নির্দেশনা। এতিয়াৰে পৰা প্ৰথম শ্ৰেণীত নামভৰ্তি কৰিবলৈ শিশুটিৰ ন্যূনতম বয়স ৬ বছৰ বা তাতকৈ অধিক হ’ব লাগিব। শেহতীয়াকৈ কেন্দ্ৰীয় শিক্ষা মন্ত্রণালয়ে দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক এই সন্দৰ্ভত ইতিমধ্যে নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে।

তদুপৰি, মন্ত্রণালয়ে প্ৰথম শ্ৰেণীত নাম ভৰ্তি কৰাৰ পূৰ্বে দুবছৰৰ প্রাক প্রাথমিক পাঠ্যক্ৰমৰ শিক্ষা শিশুক প্ৰদান কৰাৰ বাবে আহ্বান জনাই।

নতুন নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা এই নিয়ম চৰকাৰী-বেচৰকাৰী সকলো বিদ্যালয়ে মানিব লাগিব এই কথা কেন্দ্ৰীয় শিক্ষা মন্ত্রণালয়ে স্পষ্ট কৰি দিছে।

উল্লেখযোগ্য যে, ভাৰতৰ ১৪ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ শিশুসকলে ৫ বছৰ বয়সতে প্ৰথম শ্ৰেণীত নামভৰ্তি কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছিল। ৰাজ্যসমূহৰ ভিতৰত আছে গুজৰাট, অসম, পুডুচেৰী, তেলেংগানা, লাডাখ, দিল্লী, ৰাজস্থান, অন্ধ্রপ্রদেশ, উত্তৰাখণ্ড, হাৰিয়ানা, গোৱা, ঝাড়খণ্ড, কৰ্ণাটক আৰু কেৰালা। কেন্দ্ৰৰ শেহতীয়া নিৰ্দেশনা অনুসৰি এতিয়া পৰা ৰাজ্য সমূহত পূৰ্বৰ ‘৫+’ হিচাপে প্ৰথম শ্ৰেণীত নামভৰ্তি কৰাৰ সুবিধা নাথাকিব।

লগতে পঢ়ক – এছিয়া লন বল চেম্পিয়নশ্বিপত উজ্বলিল অসমৰ নয়নমণি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply