নিউজ ডেস্কঃ United Arab Emirates ৰ আবুধাবিত নিৰ্মাণ কৰা হৈছে প্ৰথমটো হিন্দু মন্দিৰ। তিনিদিনীয়া কাৰ্যসূচীৰে আৰৱ ভ্ৰমণলৈ যোৱা ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বুধবাৰে মন্দিৰটো পৰিদৰ্শন কৰে। তেওঁ মন্দিৰটোক “শান্তি, সহযোগ আৰু সম্প্ৰীতিৰ প্ৰতীক” বুলি অভিহিত কৰে। এনে এটা মন্দিৰ মুছলিমপ্ৰধান দেশত নিৰ্মাণ কৰাৰ বাবে ভাৰতীয়সকলকো ধন্যবাদ জনাইছিল মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰী এছ জয়শংকৰে বিষয়টো সম্পৰ্কে টুইট কৰিছিল। “গণেশ চতুৰ্থীত আবুধাবিত হিন্দু মন্দিৰ নিৰ্মাণ হোৱা দেখি গৌৰৱান্বিত। নিৰ্মাণৰ কাম দ্ৰুতগতিত চলি আছে, নিৰ্মাণ কাৰ্যত জড়িত সকলক মই গভীৰভাৱে প্ৰশংসা কৰিছো। “

আবুধাবিত ৫৫,০০০ বৰ্গ মিটাৰ এলেকাত নিৰ্মাণ কৰা এই মন্দিৰটো ভাৰতীয় মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। এইটো মধ্য প্ৰাচ্যৰ প্ৰথম হিন্দু মন্দিৰ।

জয়শংকৰে আৰৱৰ মন্ত্ৰী শ্বেখ নাহিয়ান বিন মাবাৰাক আল নাহিয়ানকো সাক্ষাৎ কৰি মন্দিৰ নিৰ্মাণ সম্পৰ্কে আলোচনা কৰিছিল। তেওঁ ভাৰতীয়সকলক সহায়ৰ হাত আগবঢ়াই দিয়াৰ বাবে মন্ত্ৰী এছ জয়শংকৰক প্ৰশংসা কৰিছিল। লগতে সংস্কৃতি, কাৰ্যকলাপ আৰু ক্ৰিকেটৰ ক্ষেত্ৰত তেওঁলোকৰ সহযোগিতাৰ বাবে ভাৰতীয়সকলক ধন্যবাদ জ্ঞাপন কৰে।

জয়শংকৰে United Arab Emiratesৰ মন্ত্ৰীক মন্দিৰ আৰু ভাৰতীয় সংস্কৃতিৰ উপৰিও দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ বিষয়টোও অৱগত কৰে।ভাৰত আৰু আৰৱৰ মাজৰ কৌশলগত সম্পৰ্ক শক্তিশালী কৰাৰ বাৰ্তাও প্ৰদান কৰিছিল জয়শংকৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply