নিউজ ডেস্কঃ কৰোনাৰ দ্বিতীয়টো ঢৌত নগৰ অঞ্চলৰ লগতে গ্ৰামাঞ্চলটো তীব্ৰ ৰূপত সংক্ৰমিত হৈছে।

সেইবাবে দেওবাৰে গ্ৰাম্য অঞ্চলৰ বাবে কেন্দ্ৰীয় চৰকাৰে নতুন ক’ভিড-১৯ নিৰ্দেশনা মুকলি কৰে। নতুন নিৰ্দেশনাসমূহ মুকলি কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰাথমিক পৰ্যায়ত স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

নিৰ্দেশাৱলীত কোৱা হৈছে যে, আশাকৰ্মীয়ে গাঁৱবাসীসকলৰ সময়ে সময়ে ইনফ্লুৱেঞ্জা সদৃশ ৰোগ, শ্বাসতন্ত্ৰ সংক্ৰমণ আদিৰ বাবে সক্ৰিয় নিৰীক্ষণ কৰিব লাগে। ঘৰত পৃথকে বাস কৰা ৰোগীক পেৰাচিটামল৫০০মিলি.গ্ৰাম, কাঁহৰ চিৰাপ, মাল্টিভিটামিনৰ দৰে অত্যাৱশ্যকীয় ঔষধৰ এটা কীট প্ৰদান কৰিব লাগিব।

পৰীক্ষাৰ ফলাফল উপলব্ধ নোহোৱালৈকে ৰোগীসকলে নিজকে পৃথকে ৰাখিব লাগিব।

লগতে যিসকলে লক্ষণহীন ক’ভিড ৰোগীৰ সংস্পৰ্শলৈ বিনা মাস্কৰে ৬ফুট দুৰত্বৰ ভিতৰত ১৫মিনিট পৰ্যন্ত সংস্পৰ্শলৈ আহিছে তেওঁলোককো ICMRৰ নীতি অনুসৰি কোৱাৰেন্টাইন আৰু কভিড পৰীক্ষা কৰোৱাৰ পৰামৰ্শ দিছে।

নিৰ্দেশাৱলীৰ দ্বাৰা অক্সিজেন সংপৃক্ততাৰ স্তৰ নিৰীক্ষণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে কেন্দ্ৰীয় চৰকাৰে। থাৰ্মোমিটাৰ আৰু অক্সিমিটাৰ গ্ৰাম্য অঞ্চলৰ পৰিয়ালক ঋণলৈ প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে।

প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে দেশৰ ক’ভিড-১৯ আৰু টিকাকৰণ পৰিস্থিতি সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হোৱাৰ পিছতেই এই নিৰ্দেশনাসমূহ জাৰি কৰিছে।

শনিবাৰে অনুষ্ঠিত বৈঠকত প্ৰধানমন্ত্ৰী মোডীয়ে সংশ্লিষ্ট বিষয়াসকলক গ্ৰাম্য অঞ্চলসমূহলৈ অক্সিজেন যোগানৰ বাবে এক বিতৰণ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আৰু স্বাস্থ্য আন্তঃগাঁথনি অধিক বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিছে।

আৰু পঢ়কঃকোভিড প্ৰতিৰোধৰ ক্ষেত্ৰত জাতীয় দায়বদ্ধতাৰে কাম কৰাৰ অঙ্গীকাৰ অসম জাতীয় পৰিষদৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,918 other subscribers

Leave a comment

Leave a Reply