নিউজ ডেস্কঃ হৰ্ণ বজোৱাৰ পাছত পথ এৰি নিদিয়াৰ বাবেই এগৰাকী নাবালিকাই মূক আৰু বধিৰ লোক এজনক নিৰ্মমভাৱে আক্ৰমণ। দেওবাৰে এই ঘটনা সংঘটিত হয় চত্তীশগড়ৰ ৰাজধানী ৰায়পুৰত।
ৰায়পুৰৰ আজাদ চক আৰক্ষী থানাৰ অন্তৰ্গত কানকালিপাৰা এলেকাত দুচকীয়া বাহন চলাই অহা এজন নাবালিকাই সন্মুখেৰে গৈ থকা মূক আৰু বধিৰ চাইকেল আৰোহীজনক প্ৰহাৰ কৰে।
ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষী ডি চি পেটেলে কয় যে- ছোৱালীজনীয়ে চুৰিৰে মানুহজনৰ ডিঙিত প্ৰহাৰ কৰে। যাৰ ফলত চাইকেল আৰোহীগৰাকী ঘটনাস্থলীতে নিহত হয়। ইতিমধ্য়ে অভিযুক্ত নাবালিকাগৰাকীক আটক কৰা হৈছে। লগতে উদ্ধাৰ কৰিছে প্ৰহাৰ কৰা চুৰিখনো।
উল্লেখ্য যে, ভাৰতীয় দণ্ডবিধি ৩০২ ধাৰাৰ অধীনত ৰুজু কৰা হৈছে এক গোচৰ। আৰু সোমবাৰে নাবালিকা গৰাকীক হাজিৰ কৰা হয় Juvenile Justice Board সমূখত।