নিউজ ডেস্কঃ বিবাহবাৰ্ষিকীৰ দিনাই সন্ধানহীন হ’ল পত্নী। তিনিদিন ধৰি সন্ধান চলোৱাৰ অন্তত সাগৰৰ মাজত প্ৰেমিকৰ সৈতে উদ্ধাৰ হ’ল মহিলাগৰাকী। অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত সংঘটিত হ’ল এই ঘটনা।
জানিব পৰা মতে, দুবছৰৰ পূৰ্বে ২১ বছৰীয়া এন চাই প্ৰিয়া আৰু শ্ৰী নিবাস ৰাওৰ বিবাহ হৈছিল। বিশাখাপট্টনমৰ সঞ্জীৱনগৰ কলনীৰ বাসিন্দা এই দম্পতীয়ে যোৱা ২৫ জুলাইত দ্বিতীয় বিবাহ বাৰ্ষিকী উপলক্ষে সিংহচলম মন্দিৰ দৰ্শন কৰিবলৈ গৈছিল আৰু সন্ধিয়া আৰ কে বীচত উপস্থিত হৈছিল। তাৰ পিছতেই এন চাই প্ৰিয়া সন্ধিয়া প্ৰায় ৭ বজাত সন্ধানহীন হয়। পত্নী সন্ধানহীন হোৱাৰ পিছতেই এন চাই প্ৰিয়াৰ স্বামী শ্ৰীনিবাসে পৰিয়ালক অৱগত কৰে আৰু আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে।
সাগৰৰ পাৰত অনুসন্ধান কৰাৰ উপৰিও প্ৰশাসনে মাজসাগৰতো তিনিখন নৌসেনাৰ জাহাজ আৰু এখন হেলিকপ্টাৰেৰে অনুসন্ধান চলায়। দুদিনৰ পিছত অৱশেষত এন চাই প্ৰিয়াৰ সন্ধান লাভ কৰে আৰক্ষীয়ে। প্ৰেমিকৰ সৈতে কাভেলীৰ মধ্য সাগৰত এখন জাহাজত পোৱা গৈছিল এন চাই প্ৰিয়াক।
সকলোকে প্ৰতাৰণা কৰি এন চাই প্ৰিয়া পলাই গৈছিল প্ৰেমিকৰ সৈতে। দুদিন ধৰি চলোৱা এই অভিযানত আৰক্ষীৰ ব্যয় হৈছিল প্ৰায় এক কোটি টকা। যাৰ বাবে আৰক্ষীয়ে প্ৰিয়া আৰু তেওঁৰ প্ৰেমিকক গ্ৰেপ্তাৰ কৰিছে।