নিউজ ডেস্কঃ ভাৰতৰ দিগ্বজ মহিলা ক্ৰিকেটাৰ মিতালী ৰাজে বুধবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণৰ ঘোষণা কৰে। ভাৰতীয় মহিলা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়িকাগৰাকীয়ে ছচিয়েল মিডিয়াত এক আৱেগিক পত্ৰ শ্বেয়াৰ কৰি অৱসৰৰ ঘোষণা কৰিছে।

এই পত্ৰখনৰ লগতে তেওঁ লিখিছে যে- ইমান বছৰে মোক সমৰ্থন কৰা আৰু মৰম দিয়াৰ বাবে সকলোকে ধন্যবাদ জনালো। ইফালে, পত্ৰখনত মহিলা ক্ৰিকেটাৰ গৰাকীয়ে লিখে- ”ইমান বছৰৰ পৰা দলটোৰ নেতৃত্ব কৰাটো মোৰ বাবে সন্মানৰ কথা। এই দায়িত্বই মোক মানুহ হোৱাত সহায় কৰিছে আৰু আশা কৰো ভাৰতীয় মহিলা ক্ৰিকেটকো আকাৰ দিয়াত সহায় কৰিছে।”

উল্লেখ্য যে, মিতালী ৰাজে ২৩২খন এদিনীয়া মেচত ৭৮০৫ ৰান সংগ্ৰহ কৰিছে। ১৯৯৯চনত আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলি তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰথমবাৰৰ বাবে ভৰি দিছিল। তাৰপাছত ২০১৭চনত আইচিচি মহিলা বিশ্বকাপত তেওঁৰ অধিনায়িকাৰ দায়িত্ব লৈয়ে দলটোক ফাইনেললৈ লৈ গৈছিল।

৩৯ বছৰীয়া মিতালী ৰাজে ভাৰতৰ বাবে ১২খন টেষ্ট, ২৩২খন এদিনীয়া আৰু ৮৯খন টি-২০ মেচত খেলিছে। তেওঁৰ ইয়াৰ ভিতৰত টেষ্টত ৬৯৯ ৰান, এদিনীয়াত ৭৮০৫ ৰান আৰু টি-২০ত ২৩৬৪ ৰান সংগ্ৰহ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply