আইজল : শুকুৰবাৰে নিশা মিজোৰামৰ ৰাজধানী আইজলত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। উক্ত ঘটনাত এটি ৩ বছৰীয়া শিশুকে ধৰি ৪ জন লোকৰ মৃত্যু হয়।
শনিবাৰে আৰক্ষীয়ে জনোৱা মতে, কালি নিশা প্ৰায় ৯.৩০ বজাত নেৰানেপেৰা বৰষুণৰ ফলত সংঘটিত ভূমিস্খলনত এটা আছাম টাইপ ঘৰ খহি পৰিছিল। ঘৰটোত সেই সময়ত ৭ জনীয়া পৰিয়ালটোৰ ৬ সদস্য উপস্থিত আছিল।
ঘটনাস্থলীতে নিহত আটাইকেগৰাকীৰে বয়স ৩ৰ পৰা ১৬ বছৰৰ ভিতৰত।
লগতে পঢ়ক : চিকিৎসকক আক্ৰমণ কৰাৰ অভিযোগত বিশ্বনাথত দুজন লোকক
মৃতদেহ কেইটাক আৰক্ষী আৰু স্থানীয় লোকে ভূমিস্খলনৰ ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰে। গোটেই ৰাতি অভিযান চলোৱা অন্তত আজি পুৱা প্ৰায় ৬ বজাত অন্তিমটো মৃতদেহ উদ্ধাৰ কৰা হয়। মৃতদেহটো ১৬ বছৰীয়া এগৰাকী যমজ ভগ্নীৰ।
আনহাতে, ঘৰটোৰ তলৰ মহলাত ভাৰা কৰি থকা তিনি গৰাকী ভাৰাতীয়াই ভুমিস্খলনৰ শব্দ শুনা পাই তাৰ পৰা পলায়ন কৰি নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।