নিউজ ডেস্ক : মিজোৰামৰ অসম-মিজেৰাম সীমান্তৰ কোলাছিব নগৰত সংঘটিত এক শোকাৱহ ঘটনাত এটা পানী টেংকিত শ্বাসাৱৰোধ হৈ ৪ জন লোকে প্ৰাণ হেৰোৱাব লগা হয়।
নিহতসকলৰ ভিতৰত ৩ গৰাকী ভাই-ককাই আছিল বুলি জানিব পৰা গৈছে।
স্থানীয় আৰক্ষীয়ে জনোৱা মতে শুকুৰবাৰে আবেলি ৪ বজাত এই শোকাৱহ ঘটনাটো সংঘটিত হয়।
একেটা পৰিয়ালৰ তিনিজন ককায়েক-ভায়েকে এটা নতুনকৈ নিৰ্মাণ কৰা পকাৰ পানী টেংকিৰ পৰা বাঁহৰ খুঁটা বিলাক এৰাবলৈ টেংকিটোৰ ভিতৰলৈ সোমাই যদিও তাৰ পৰা বাহিৰলৈ আহিব নোৱাৰাত ওচৰত থকা আন এজন লোকে তেওঁলোকক উদ্ধাৰৰ বাবে টেংকিটোৰ ভিতৰলৈ সোমায়।
কিন্তু স্বাস-প্ৰশ্বাস বন্ধ হৈ পৰাত আটাইকেইজন লোক টেংকিটোৰ ভিতৰত আবদ্ধ হৈ পৰে আৰু মৃত্যুক সাবটি লয়।
পিছত ঘটনাৰ খবৰ লাভ কৰি স্থানীয় লোকে ঘটনাস্থলীত উপস্থিত হৈ লোক কেইজনক উদ্ধাৰ কৰে যদিও চিকিৎসালয়ত আটাইকেইজনকে মৃত ঘোষণা কৰা হয়।
লগতে পঢ়ক : মহানগৰীৰ ড্ৰাগছৰ পাৰ্টীত কোকেইন যোগানকাৰী গ্ৰেপ্তাৰ