নিউজ ডেস্ক : ভাৰতীয় মহিলা হকী দলৰ ফৰৱাৰ্ড তথা প্ৰথম গৰাকী মিজো মহিলা অলিম্পিক খেলুৱৈ লালৰেমছিয়ামীলৈ মিজোৰাম চৰকাৰে টকিঅ’ অলিম্পিকত দেখুওৱা ভাল প্ৰদৰ্শনৰ বাবে উপহাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।
মিজোৰামৰ মুখ্য মন্ত্ৰী জোৰামথাংগাই শুকুৰবাৰে এই কথা ঘোষণা কৰে।
সেই অনুসৰি মিজোৰাম চৰকাৰে খেলুৱৈ গৰাকীক এটা চৰকাৰী চাকৰি আৰু তেওঁৰ গৃহ চৰহৰত এডোখৰ ভূমি প্ৰদান কৰিব।
টুইটাৰ যোগে এই কথা সদৰী কৰি জোৰামথাংগাই কয়, ‘আমাৰ হকী তাৰকা লালৰেছিয়ামীক এটা চৰকাৰী চাকৰি আৰু তেওঁৰ গৃহ চহৰত এডোখৰ ভূমি প্ৰদান কৰা হ’ব।’
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে খেলুৱৈ গৰাকীক মিজোৰাম চৰকাৰে অলিম্পিকত অংশগ্ৰহণ কৰাৰ বাবে ৪৫ লাখ টকা প্ৰদান কৰাৰ ঘোষণা কৰিছিল। ইয়াৰে ১৫ লাখ টকা খেল সামৰি মিজোৰামত উপস্থিত হোৱাৰ পিছত খেলুৱৈ গৰাকীৰ হাতত অৰ্পন কৰা হ’ব।
মিজোৰামৰ কোলাচিব জিলাৰ ২১ বছৰীয়া তাৰকা খেলুৱৈ লালৰেছিয়ামীয়ে ইয়াৰ পূৰ্বে জাকাৰ্টা এছিয়ান গেমছত চাৰিটা গ’ল স্কৰ কৰি ৰূপৰ পদক বুটলি আনিছিল।
লগতে পঢ়ক : উচ্চতম ন্যায়ালয়ে এফআৰএল-ৰিলায়েন্স চুক্তিৰ বিৰুদ্ধে আপীলৰ অনুমতি প্ৰদান