ম্যানমাৰৰ নাগৰিক

নিউজ ডেস্ক: অবৈধ বাংলাদেশী প্ৰবেশ অসমৰ বাবে ভয়াবহ সমস্যা হৈ থকাৰ সময়তে পুনৰ আন এক সমস্যাই দেখা দিছে ৰাজ্যত ৷ শেহতীয়াকৈ চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰত সেনাৰ শাসনৰ বাবে দেশখনৰ পলায়ন বহুলোক আহি বাহৰ পাতিছেহি মিজোৰামত ৷ ৰাজ্যখনত বাহৰ পতা ম্যানমাৰৰ নাগৰিক সকলৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱা সময়তে ৰাজ্যখনৰ কিছুলোক আহি অবৈধভাবে সোমাইছেহি অসমৰ ভিন্ন প্ৰান্তত ৷ মিজোৰামৰ সীমাতে লাগি থকা বৰাকভেলীতো এতিয়া তেনে লোকৰ সংখ্যা বাঢ়িছে ৷

যোৱা পাঁচ দিনৰ আগতে পল্টন বজাৰ আৰক্ষীৰ জালত পৰা ম্যানমাৰৰ ২৬ খ্ৰীষ্টিয়ান যুৱক-যুৱতীক লৈ অব্যাহত আৰক্ষীৰ তদন্ত। ক’ৰপৰা, কেনেকৈ, কিহেৰে পাণবজাৰ পালেহি এওঁলোক তাৰো তদন্ত চলাইছে ৷

মিজোৰামত এতিয়ালৈকে ১৭০০ ম্যানমাৰৰ লোক আহি বাহৰ পাতিছেহি ৷ এইসকলক নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে তাৰ পৰা কৌশলেৰে আন ঠাইলৈ যাবলৈ লৈছে ৷

মিজোৰামৰ পৰা অবৈধ ভাবে গুৱাহাটীত উপস্থিত হোৱা যুবক যুবতী ক্রমে ব্লেকলিয়ন চিউ (২৮), ৰাংখেন চাং (২৫), হেনৰী ভানহুবিক (২০), ভানচিউ লিয়ন (২১), থান ফেল (২০), ডেনিয়েল লাওচুৱেল হাব (১৮), লালকিম লিয়ান (১৯), চুইথান লুই (২৬), কেইথান ৰাং (২৩), ভানইং লিয়ন (১৮), ভানআক লিয়ন (২১), বিয়াক নেই লাং (১৯, যুৱতী), লালচেই মাকৈ (২৮, যুৱতী), লেন মাওই (২৮, যুৱতী), ব্লেক নেম পাৰ (১৮, যুৱতী), লাল চেৰ পাৰ (১৮, যুৱতী), ভেন বিয়াক ছুৱাই (২৪, যুৱতী), নোৱাম নাইখাম (২৫), কাম চিয়ান লিয়ন (২৭), থাং চিয়ান মোৱাং (২৫), থাং হো চিয়ান (১৮), চিট খান কিম (২৭) বুলি চিনাক্ত কৰা হৈছে৷ এই আটাইকেইজন ম্যানমাৰৰ চীন ষ্টেটৰ বাসিন্দা বুলি আৰক্ষীয়ে সদৰী কৰিছে ৷

লগতে পঢ়ক চাউল সিজোৱাৰ পিছতেই হৈ পৰে বেঙুনীয়া!চিন্তিত ৰাইজ

উল্লেখযোগ্য যে অসম আৰক্ষীয়ে দলটোৰ নথিপত্ৰ সমূহ পৰীক্ষা কৰাৰ সময়ত বিস্ফোৰক তথ্য পোহৰলৈ আহে | আটাইকেইগৰাকী ম্যানমাৰৰ নাগৰিকৰ হাততে মিজোৰামত প্রস্তুত কৰা ভোটাৰ কার্ড আৰু আধাৰ কার্ড আছে | গ্রেপ্তাৰ হোৱা আটাইকেইগৰাকী যুৱক–যুৱতীৰ হাতত আছে আইজলৰ থিয়ল’জিকেল কলেজৰ পৰিচয় পত্র৷ এই সকলো নথি–পত্র মিজোৰামৰ আইজলৰ ঠিকনাত প্রস্তুত কৰা বুলি তদন্তকাৰী আৰক্ষীয়ে জানিবলৈ দিয়ে

এই ঘটনা পোহৰলৈ অহাৰ লগে মিজোৰাম আৰক্ষীয়ে তেওলোকৰ তাত বনোৱা নথি পত্ৰ বোৰৰ ক্ষেত্ৰত ব্যবস্থা লোৱাৰ কথা প্ৰকাশ কৰিছে ৷

হানগৰ আৰক্ষীয়ে পল্টন বজাৰ থানাত ফৰেইনার্ছ এক্ট ১৯৪৬ৰ ১৪নং ধাৰা, পাছপ’ট (এণ্ড্রী ইন টু ইণ্ডিয়া) এক্ট ১৯২০ৰ ৩/৪ ধাৰা আৰু পাছপ’ট (এণ্ড্রী ইন টু ইণ্ডিয়া) এক্ট ১৯৫০ৰ ৬নং ধাৰাৰ অধীনত ৮৬০/২০২১ নম্বৰত এটা গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰন কৰিছে৷

আৰক্ষীয়ে চলোৱা তদন্তত আটাইকেইগৰাকীয়ে দিল্লীলৈ যোৱাৰ পৰিকল্পনাৰে গুৱাহাটীৰ হোটেলত বাহৰ পাতি থকাৰ তথ্য লাভ কৰিছে৷

ইংৰাজী, হিন্দী কোনোধৰণৰ ভাষা বুজি নোপোৱা এই যুৱক–যুৱতীসকলক জেৰা কৰাৰ ক্ষেত্রত বিপাঙত পৰিছে মহানগৰ আৰক্ষী৷ দিল্লীলৈ যোৱাৰ ক্ষেত্ৰত কোন ব্যক্তি জড়িত হৈ আছে তাৰো তদন্ত চলিছে ৷

এই চুবুৰীয়া মিজোৰাম, মনিপুৰত ভাৰতীয় হোৱাৰ নথি পত্ৰ গোটাই লৈ অসমলৈ অহা ম্যানমাৰৰ নাগৰিকৰ ক্ষেত্ৰত অধিক সক্ৰিয় নহলে আকৌ বিদেশীক লৈ ভবিষ্যতে অসমে ভুগিব লাগিব ৷

লগতে পঢ়ক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক অসম অলিম্পিক সন্থাৰ সম্বৰ্ধনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply