মিজোৰাম: পুনৰ আফ্ৰিকান ছোৱাইন ফিভাৰৰ কবলত পৰিছে মিজোৰাম৷ চুবৰীয়া ৰাজ্যখনৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ তথ্য অনুসৰি ২০ এপ্ৰিলৰ দিনটোত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ ৰাজ্যখনত ৪২ টা গাহৰিৰ মৃত্যু হৈছে৷ বৰ্তমানলৈকে মিজোৰামত মুঠ ১০৯৮ টা গাহৰিৰ মৃত্যু হৈছে আফ্ৰিকান ছোৱাইন ফিভাৰত।

দেশজুৰি কভিড মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে চুবৰীয়া ৰাজ্য মিজোৰামত দেখা দিছে আন এটা আতংক। মিজোৰামত আফ্ৰিকান ছোৱাইন ফিভাৰে ভয়াবহ পৰিস্থিতি সৃষ্টি কৰিছে। আফ্ৰিকান ছোৱাইন ফিভাৰে সংকট কঢ়িয়াই আনিছে ৰাজ্যখনৰ গাহৰি সমূহলৈ।

ইতিমধ্যে মিজোৰামত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্রান্ত হৈ মৃত্যুৰ মুখত পৰিছে ১০৯৮ টা গাহৰি। মঙলবাৰে মিজোৰামৰ ৰাজ্যপালে পশুৰ সংক্ৰামক ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইন, ২০১৯ ৰ অধীনত আইজলৰ তিনিটা অঞ্চলৰ লগতে লুঙলেই, চাৰ্চিপ আৰু চিয়াহা আদি বিভিন্ন জিলাক আফ্ৰিকান ছোৱাইন ফিভাৰৰ কেন্দ্ৰবিন্দু হিচাপে ঘোষণা কৰে৷

মিজোৰামৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে ভূপালস্থিত আইচিএআৰ-নিহচাদলৈ প্ৰেৰণ কৰা টিচ্যু আৰু চেৰামৰ নমুনাত আফ্ৰিকান ছোৱাইন ফিভাৰৰ অৱস্থিতি ধৰা পৰিছে বুলি ইতিমধ্যে নিশ্চিত কৰিছে৷ উল্লেখ্য যে যোৱা ২১ মাৰ্চত মিজোৰামৰৰ লুঙচেন গাঁৱত প্ৰথমবাৰৰ বাবে আফ্ৰিকান ছোৱাইন ফিভাৰৰ অৱস্থিতি ধৰা পৰিছিল৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply