নিউজ ডেস্ক : দেশজুৰি ক’ভিডৰ দ্বিতীয়টো ঢৌৰ তাণ্ডৱ। দেশত প্ৰতিদিনে ক’ভিডত আক্রান্ত হৈছে আছে কেইবা লক্ষাধিক লোক। মৃত্যুৰ মুখত পৰি আছে হাজাৰ হাজাৰ ক’ভিড আক্রান্ত ৰোগী। চিকিৎসালয় সমূহত অভাৱ ঘটিছে ক’ভিড ৰোগৰী চিকিৎসাৰ বাবে ঠাইৰ। ইফালে অক্সিজেনৰ নাটনিত মৃত্যু ঘটি আছে ক’ভিড ৰোগীৰ। দেশজুৰি ক’ভিড পৰিস্থিতিৰ ভয়াবহ দৃশ্যই বুকু কঁপাই তোলাৰ মাজতে সামাজিক মাধ্যমত এক বিশেষ দৃশ্যই সকলোকে আকৰ্ষিত কৰিছে।

ক’ভিডত আক্রান্ত এগৰাকী মন্ত্ৰীৰ এই বিশেষ দৃশ্যই ব্যাপক চৰ্চা লাভ কৰিছে সকলোতে। মিজোৰামৰ শক্তিমন্ত্রী ক’ভিডত আক্রান্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈছে আছে। চিকিৎসাধীন অৱস্থাতে মন্ত্ৰী গৰাকীয়ে চিকিৎসালয়ৰ মজিয়া চাফা কৰি থকা এখন ফটো ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

মিজোৰামৰ শক্তিমন্ত্ৰী লালজিৰ লিয়ানাই শুকুৰবাৰে চিকিৎসাধীন হৈ থকা চিকিৎসালয়খনৰ মজিয়া চাফা কৰিছিল। মন্ত্ৰী গৰাকীক এই বিশেষ ফটোখন এতিয়া বিভিন্নজনে নিজে ফেচবুক আৰু টুইটাৰত শ্বেয়াৰ। ফটোখন ভাইৰেল হৈ পৰাত মন্ত্ৰীগৰাকীয়ে দেখুওৱা এই নিদৰ্শনৰ শলাগ লৈছে সকলোৱে।

লগতে পঢ়ক : ডিগবৈৰ গ্ৰেনেড বিস্ফোৰণত নিহতৰ আত্মীয়লৈ ৫ লাখ টকাকৈ সাহাৰ্য অসম চৰকাৰৰ

উল্লেখ্য যে মিজোৰামৰ শক্তিমন্ত্ৰী লালজিৰ লিয়ানাই ইয়াৰ পূৰ্বেও দিল্লীৰ মিজোৰাম হাউছৰ মজিয়া চাফা কৰি চৰ্চা লাভ কৰিছিল। মিজোৰামৰ মন্ত্ৰী গৰাকী চিকিৎসাধীন হৈ থকা চিকিৎসালয়খনত তেওঁৰ পত্নী আৰু পুত্ৰও ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে। মিজোৰামৰ শক্তিমন্ত্ৰী গৰাকী যোৱা ১১ মে’ত ক’ভিডত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply