ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীৰ সৈতে আলোচনা প্ৰধানমন্ত্ৰী মোদীৰ।দুয়োজন নেতাই কি আলোচনা কৰিলে সেই সম্পৰ্কে এতিয়াও মুকলি হোৱা নাই।প্ৰধানমন্ত্ৰী মোদীয়ে ৰাচিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতেও আলোচনা কৰে।

ৰাছিয়া-ইউক্ৰেইনৰ মাজত যুদ্ধ এতিয়াও অব্যাহত আছে। আজি পুৱাৰে পৰা ৰাচিয়ান সেনাৰ মাইক’লেভ চহৰত আক্ৰমণ চলাইছে।দুয়োখন দেশৰ মাজত দুবাৰকৈ আলোচনা হোৱাৰ পাছতো এতিয়ালৈকে কোনো সমাধান ওলোৱা নাই। ৰাছিয়াই আক্ৰমণ চলাই যোৱাৰ বিপৰীতে ইউক্ৰেইনেও অতি সাহসেৰে মোকাবিলা কৰি গৈছে।
ইয়াৰ মাজতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ প্ৰমুখে কয় যে ভালাদিমীৰ জেলেস্কীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনৰ সৈতে পোনপটীয়াকৈ আলোচনা কৰাৰ বাবেও সাজু।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীয়ে ৰাচিয়ান সেনাই দেশখনৰ সাধাৰন জনতাৰ ওপৰত আক্ৰমন আৰম্ভ কৰাৰ অভিযোগ আৰম্ভ কৰিছে। উদ্ধাৰ অভিযান চলাই থকাৰ সময়ত ৰাচিয়ান সেনাই আক্ৰমন কৰি কীভত তিনিজনক হত্যা কৰাৰ অভিযোগ জেলেনস্কীৰ।

আজি অনুষ্ঠিত হ’ব ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত তৃতীয়লানি বৈঠক । কিন্তু ইয়াৰ পূৰ্বেই ইউক্ৰেইন আৰু জেলেনস্কীক আত্মসমৰ্পণৰ শেষ প্ৰস্তাৱ দিছে ভ্লাডিমিৰ পুটিনে । ইউক্ৰেনিয়ান সেনাই আত্মসমৰ্পণ কৰিলেহে এই যুদ্ধৰ সমাপ্ত হ’ব বুলি স্পষ্ট কৰি দিলে পুটিনে।

পুটিনে কয়- ”এই সামৰিক সংঘৰ্ষ, য’ত শ শ লোক নিহত হৈছে, কেৱল তেতিয়াহে বন্ধ হ’ব যদি ইউক্ৰেইনে নিজৰ অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰে আৰু ৰাছিয়াৰ সকলো দাবী মানি লয়।” ইয়াৰ লগতে ইউক্ৰেইনক নিশ্চিহ্ন কৰাৰ হুংকাৰ ভ্লাডিমিৰ পুটিনৰ । ৰাছিয়ান সেনাই ইতিমধ্যে দখল কৰিছে কেইবাখনো চহৰ ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply