নগালেণ্ডৰ ম’ন জিলাত আজি সম্পূৰ্ণ বন্ধ ঘোষণা।
ৰাতিপুৱা ৬ বজাৰপৰা আবেলি ৫ বজালৈ বন্ধ ঘোষণা ম’ন জিলাত।
কন্যাক ছাত্ৰ সন্থাই ৭ ডিচেম্বৰৰ পৰা ১৩ ডিচেম্বৰলৈকে জিলাখনত এক সপ্তাহজোৰা শোকৰ ম্যাদ ঘোষণা কৰিছে বুলি সভাপতি টি নোকল আৰু সাধাৰণ সম্পাদক এ পাংনানে জানিবলৈ দিয়ে।
ম’ন জিলাৰ অ’টিংবস্তিত সংঘটিত সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত এই বন্ধ ঘোষণা।
আনহাতে আজিৰপৰা অহা ১৩ ডিচেম্বৰলৈকে শোক সপ্তাহ পালন কৰিব সংগঠনটোৱে।
বন্ধৰ সময়ত সময়ত প্ৰশাসন, আৰক্ষী কৰ্মী, চিকিৎসা সেৱা, অগ্নি জৰুৰীকালীন অৱস্থা, শক্তি আৰু পিএইচইডিৰ ওপৰত ৰেহাই দিয়া হ’ব যদিও ৰাজহুৱা যান-বাহনৰ চলাচল সীমিত ৰখা হ’ব।
নাগালেণ্ডত এতিয়াও অব্যাহত উত্তেজনা
নিৰাপত্তাৰক্ষীৰ গুলীত নিহতসকলৰ শেষকৃত্য সম্পন্ন কৰা হয়।
মনৰ বিভিন্ন স্থানত আত্মীয়ৰ উপস্থিতিত শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকে প্ৰতিবাদী ছাত্ৰ সংগঠনৰ নেতা কৰ্মী।
আনহাতে বাতিল নহয় নাগালেণ্ডৰ হৰ্ণবিল ফেষ্টিভেল। নাগালেণ্ডৰ ঘটনাৰ পাছতেই ফেষ্টিভেলক লৈ সৃষ্টি হৈছিল উৎকণ্ঠাৰ। এ জেড ফিজোৰ বাণী স্মৰণ কৰি ফেষ্টিভেল অব্যাহত ৰখাৰ সিদ্ধান্ত। ইতিমধ্যে কিছামা ত্যাগ কৰিছে কেইবাটাও জনগোষ্ঠীয়ে। বাকী থকা জনগোষ্ঠীৰ প্ৰতিনিধিৰে চলিব ফেষ্টিভেল।