নিউজ ডেস্ক: আজিও যুদ্ধসদৃশ পৰিৱেশে বিৰাজ কৰি আছে নাগালেণ্ডৰ মন জিলাত। ১৬গৰাকীকৈ নিৰীহ ব্যক্তিক গুলীয়াই হত্যা কৰা ঘটনা সংঘটিত হোৱাৰ পাছতে মন জিলাত সাধাৰণ জনতাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল। জনতাৰ আক্ৰমণত এগৰাকী সেনা জোৱান নিহত হোৱাৰ লগতে ক্ষোভিত জনতাই জ্বলাই দিছিল আসাম ৰাইফলছৰ চাউনী।

আজি এই বৰ্বৰ আক্ৰমণত নিহত হোৱাসকলক শ্ৰদ্ধাঞ্জলি জনাবলৈ ওলাই আহে অগনণ ৰাইজ। এই বিশেষ অনুষ্ঠানৰ মাজতো ৰাইজে সেনা বাহিনীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে । ইফালে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী নেফিউ ৰিঅই সকলোকে শান্তিৰ পৰিৱেশ বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে। ক্ষোভৰ জুই এতিয়া নাগালেণ্ডৰ টিউৱেনচাঙলৈকে বিয়পিছে ।

ৰাজধানী চহৰ কহিমা বন্ধ

এই ঘটনাক লৈ সেনাই ক্ষমা ভিক্ষা কৰাৰ লগতে চোৰাংচোৱাৰ তথ্যক জগৰীয়া কৰিছে। তদন্তৰ জৰিয়তে দোষী বিষয়াক শাস্তি প্ৰদান কৰাৰ কথাও সদৰি কৰিছে সেনাই। সেনাই ক্ষমা বিচাৰিলেও পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ বাবে নাগালেণ্ড এছ এম এছ আৰু ইন্টাৰনেট সেৱা কৰ্তন কৰি ৰখা হৈছে।

নাগালেণ্ডৰ মন জিলাৰ ঘটনাক লৈ প্ৰতিবাদে কিছামা গাঁৱত চলি থকা হৰ্ণবিল মেলাস্থলীতো দেখা যায়। নাগা ষ্টুডেন্ট ইউনিয়নৰ লগতে আন কেইবাটাও সংগঠনে হৰ্ণবিল মেলাস্থলীত দেও‍বাৰে নিশা মমবাতি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

নাগা ষ্টুডেন্ট ইউনিয়নৰ আহ্বানত আজি ৰাজধানী চহৰ কহিমা বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাভাবিক জীৱনযাত্ৰা ব্যাহত হৈছে।

লগতে পঢ়ক- পিকনিকত সন্ধানহীন এন আৰ এলৰ জেষ্ঠ অভিযন্তাৰ আজিও শুংসুত্ৰ নাই

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply