সোণাৰি : নগালেণ্ডৰ অ’টিংবস্তিৰ ঘটনাত নিহত লোককেইজনৰ পৰিয়ালে ন্যায় নোপোৱালৈকে চৰকাৰীভাৱে দিয়া ক্ষতিপূৰণ গ্ৰহণ নকৰাৰ সিদ্ধান্ত অ’টিং ভিলেজ কাউঞ্চিলৰ। যোৱা চাৰি ডিচেম্বৰত সংঘটিত নাৰকীয় কাণ্ডৰ দোষীক শাস্তি দিয়াৰ লগতে উত্তৰ-পূবৰ পৰা “আফস্পা” বাতিল নকৰা পৰ্যন্ত চৰকাৰী ৰাজসাহাৰ্য কোনো কাৰণতে গ্ৰহণ কৰা নহয় বুলি জানিবলৈ দিছে অ’টিংবাসীয়ে।

এই সন্দৰ্ভত এক প্ৰেছ বিবৃতিযোগে এই কথা স্পষ্ট কৰিছে অ’টিং ভিলেজ কাউঞ্চিলে। উল্লেখ্য যে, চাৰি ডিচেম্বৰত ২১ নং পেৰা কামাণ্ডোৰ গুলীত ১৪ জন নিৰপৰাধী লোক নিহত হোৱাৰ পাছত নগালেণ্ডৰ মন্ত্ৰী তথা টিজিত বিধানসভা সমষ্টিৰ বিধায়ক পায়ৱাং কন্যাক আৰু ম’ন জিলাৰ উপায়ুক্ত গৰাকীয়ে নিহত পৰিয়ালৰ লোকলৈ চৰকাৰে আগবঢ়োৱা ক্ষতিপূৰণৰ আগধন হিচাপে ১৮ লাখ ৩০ হাজাৰ টকা প্ৰদান কৰিছিল অ’টিং ভিলেজ কাউঞ্চিলৰ হাতত।

প্ৰেছ বিবৃতি

সেই ধন নিহত লোক কেইজনৰ মৰণোত্তৰ পৰীক্ষা, কন্যাক ইউনিয়নৰ সভা তথা নিহত লোককেইজনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বাবে চৰকাৰে দিয়া বুলি গ্ৰহণ কৰিছিল ভিলেজ কাউঞ্চিলে। কিন্তু পৰৱৰ্তী সময়ত সেই ধনখিনি চৰকাৰে নিহত পৰিয়ালৰ বাবে ঘোষণা কৰা পাঁচলাখ টকা সাহাৰ্য তথা ক্ষতিপূৰণৰহে ধন বুলি জানিব পাৰে।

ইয়াৰ পৰিপ্ৰেক্ষিতত সেই ধন গ্ৰহণ নকৰি অ’টিং ভিলেজ কাউঞ্চিলে ঘুৰাই পঠাইছিল মন্ত্ৰী তথা উপায়ুক্তলৈ । ইয়াৰ পাছতে দেওবাৰে এক বিবৃতিযোগে নিজৰ স্থিতি স্পষ্ট কৰিছে অ’টিং ভিলেজ কাউঞ্চিলে।

বিবৃতি টোত উল্লেখ কৰা অনুসৰি চাৰি ডিচেম্বৰত সংঘটিত নাৰকীয় ঘটনাৰ উচিত তদন্ত তথা নিহতসকলৰ পৰিয়ালে ন্যায় আৰু ঘটনাৰ বাবে দোষী ২১ নং পেৰা কামাণ্ডোৰ জোৱানে শাস্তি নোপোৱা পৰ্যন্ত চৰকাৰে প্ৰদান কৰা কোনো ধৰণৰ ৰাজসাহাৰ্য গ্ৰহণ কৰা নহ’ব।

লগতে পঢ়ক- এক নিশ্চিত অঘটনৰ পৰা কথমপি ৰক্ষা পৰিল তিনিচুকীয়া ৰে’ল ষ্টেচন

তাৰ সমান্তৰালকৈ উত্তৰপূবৰ পৰা সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰিবলৈ পুনৰবাৰ সজোৰে দাবী উত্থাপন কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,479 other subscribers

Leave a comment

Leave a Reply Cancel reply