নিউজ ডেস্ক: জ্বলিছে নাগালেণ্ড, নগাপাহাৰ এতিয়া অশান্ত, উত্তেজিত ৰাইজ ওলাই আহিছে সেনাৰ বিৰুদ্ধে ।
জ্বলাই দিছে আসাম ৰাইফলছৰ শিৱিৰ,পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিবাদকাৰীলৈ গুলীচালনা সেনাৰ, পুনৰ নিহত হ’ল ২ জন লোক ।
এই পৰ্যন্ত মুঠ ১৬ জন লোকৰ মৃত্যু হৈছে এই ঘটনাত

নিৰীহ লোকক উগ্ৰপন্থীৰ সন্দেহত গুলীয়াই হত্যা। সেনাৰ বিৰুদ্ধে ওলাই আহিছে হাজাৰ হাজাৰ লোক।

উল্লেখযোগ্য যে সেনাৰ নিৰ্বিচাৰ গুলীবৰ্ষণ ১৬ জন লোকৰ মৃত্যুদেহ মৰণোত্তৰ পৰীক্ষাৰ পিছত ৰাজহুৱাকৈ বিয়লি ২ বজাত সমাধিস্থ কৰিব বাবে অটিঙ গাঁওবাসী অপেক্ষা কৰিছিল ।

কিন্তু প্ৰশাসনে মৃতদেহ সমূহ পৰিয়ালক গতাই দিয়াত পলম হোৱা প্ৰায় ২০০ মান ক্ষুব্ধ জনতাই ম’নত থকা কন্যাক ইউনিয়নৰ কাৰ্যালয়ত উপস্থিত হৈ এফালৰ পৰা সা-সম্পত্তি লণ্ড-ভণ্ড কৰে ।

শ শ ক্ষুব্ধ জনতাই আছাম ৰাইফলছ চকীলৈ লক্ষ্য কৰি শিলাবৰ্ষণ কৰে । প্ৰতিবাদীকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আছাম ৰাইফলছৰ জোৱানে শূন্যলৈ প্ৰায় কেইবাঘণ্টা ধৰি ধাৰাসাৰ গুলীবৰ্ষণ কৰে । এই গুলীবৰ্ষণ পুনৰ দুগৰাকী প্ৰতিবাদকাৰী নিহত হৈছে । সেনাৰ ধাৰাসাৰ গুলীবৰ্ষণত ম’ন জিলাত আতংক বিয়পি পৰে । জানিব পৰামতে এই হিংসাই ইতিমধ্যে টুৱেঙচাঙ জিলা লৈ বিয়পি পৰিছে ।

দেওবাৰে সন্ধিয়া ৰাজধানী ক’হিমাৰ হৰ্নবিল উৎসৱ স্থলী পৰা কন্যাক ইউনিয়নৰ আৰু কন্যাক জনগোষ্ঠীৰ হাজাৰ হাজাৰ লোকে ভাৰতীয় সেনাৰ তিৰু গণহত্যাৰ প্ৰতিবাদ কেইবা কিলোমিটাৰ জোৰা কেণ্ডেল মাৰ্চ উলিয়ায় ।

লগতে পঢ়ক- চোৰাংচোৱাৰ ভুল তথ্যৰ বাবেই নাগালেণ্ডত সেনাৰ গুলীত ১৪ গৰাকী নিৰীহ গাওঁবাসীক হত্যা

ডিমাপুৰৰ চহৰতো তিৰু গণহত্যাৰ প্ৰতিবাদ জনাই নাগা ষ্টুডেণ্ট ফেডাৰেচনে তীব্ৰ গৰিহণা দিয়াৰ লগতে মৃত্যুকক সন্মান জনাই সংগঠনৰ পতাকা অৰ্ধনমিত কৰি ৰাখিছে।

গুৱাহাটীত নাগালেণ্ড হাউছত প্ৰতিবাদ মন জিলাত সংঘটিত গুলীচালনাৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ ।
গুৱাহাটী ইষ্টাৰ্ন নাগা ষ্টুডেণ্ট ইউনিয়নৰ বিক্ষোভ মমবাতি লৈ কৰা প্ৰতিবাদত সহযোগ নগা ছাত্ৰ সন্থাৰ । অসম ৰাইফল্ছক কঠোৰ ভাষাৰে গৰিহণা প্ৰতিবাদকাৰীৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply