নিউজ ডেস্কঃ মষ্ট ৱাণ্টেড ডন ডাউড ইব্ৰাহিমৰে ধনৰ লেনদেন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা মহাৰাষ্ট্ৰৰ মন্ত্ৰী নবাব মালিকক অহা ৪ এপ্ৰিললৈ ন্যায়িক জিম্মাত ৰখাৰ নিৰ্দেশ দিছে ন্যায়ালয়ে। উল্লেখ্য যে, ইডিয়ে যোৱা মাহত গ্ৰেপ্তাৰ কৰিছিল নবাব মালিকক। আৰু তেওঁক ইডিৰ জিম্মাত ৰখা হৈছিল।
যোৱা মাহত ইডিয়ে মহাৰাষ্ট্ৰৰ মন্ত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈ তেওঁক প্ৰায় এঘন্টা সোধ-পোছ কৰে। তাৰপাছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। নবাব মালিকক ডাউড ইব্ৰাহিম আৰু মষ্ট ৱান্টেড ডনৰ সতীৰ্থ কেইগৰাকী মানৰ সৈতে ধনৰ লেন-দেন আৰু মাটি কিনা-বেচা সন্দৰ্ভত সোধা-পোছা কৰিছিল ইডিয়ে।
ইডিয়ে সদৰি কৰা অনুসৰি, সোধ-পোছ কৰাৰ সময়ত নবাব মালিকে সহযোগ কৰা নাছিল। উল্লেখযোগ্য যে, শেহতীয়াকৈ ইডিয়ে এই সন্দৰ্ভত ডাউড ইব্ৰাহিমৰ ভাতৃ ইকবাল কাছকৰকো জিম্মাত লৈছিল।