নিউজ ডেস্ক: গুজৰাট আৰু ৰাজস্থানত বৰষুণ অহাৰ লগে লগে সমগ্ৰ দেশতে দক্ষিণ-পশ্চিম মৌচুমী বতাহ ইতিমধ্যে আৰম্ভ হৈ গৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে শনিবাৰে জনায়।

বতৰ বিজ্ঞান বিভাগে কয যে এইবাৰ “স্বাভাৱিক তাৰিখৰ (৮ জুলাই) ছয় দিন আগতেই শনিবাৰে দক্ষিণ-পশ্চিম মৌচুমী সমগ্ৰ দেশক সামৰি লয়।”

উল্লেখযোগ্য যে এইহাৰ কেৰালাত ১ জুনৰ স্বাভাৱিক তাৰিখৰ তিনি দিন আগতেই ২৯ মে’ত দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ আগমন ঘটিছিল।

অৱশ্যে, বিগত সময়ছোৱাত কৃষিৰ বাবে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ আগমণ পলম হৈ অহা দেখা গৈছে, প্ৰতিবেদ অনুসৰি দেশখত বৰষুণৰ পৰিমাণ ৮ শতাংশ তললৈ নামিছে।

বতৰ বিজ্ঞানীসকলে আগন্তুক মাহকেইটাত বাৰিষাৰ গতি বৃদ্ধি পোৱাৰ লগতে জুলাই মাহত সমগ্ৰ দেশত বৰষুণৰ সমান বিতৰণ হ’ব বুলি অনুমান কৰিছে।

লগতে পঢ়ক – পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,395 other subscribers

Leave a comment

Leave a Reply Cancel reply